অহা ১৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যৰ প্ৰান্তে প্রান্তে পোষ্টেল বেলটৰ জৰিয়তে বয়োজ্যেষ্ঠ ভোটাৰৰ ভোটদান প্রক্রিয়া চলি আছে। বিশেষভাৱে সক্ষম ভোটাৰৰ বাবেও ইতিমধ্যে পোষ্টেল বেলটৰ জৰিয়তে ভোট সংগ্ৰহৰ ব্যৱস্থা কৰা হৈছে। প্ৰথম পৰ্যায়ৰ ভোটগ্রহণ হ’বলগীয়া সমষ্টিসমূহত নিয়োজিত প্রিজাইডিং, প’লিং বিষয়াকে ধৰি নিৰ্বাচনী কামত জড়িতসকলৰ পোষ্টেল বেলটৰ ভোটদান প্রক্রিয়াও সুকলমে অনুষ্ঠিত হৈছে৷ সকলো জিলাতে এই প্ৰক্ৰিয়া গ্ৰহণ কৰা হৈছে। শোণিতপুৰ সংসদীয় সমষ্টিৰ লোকসভা নিৰ্বাচনৰ বাবে জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম শ্ৰেণীৰ বাছনিপ্রাপ্ত লোকসকলক পোষ্টেল বেলট পেপাৰৰ জৰিয়তে ঘৰে ঘৰে গৈ ভোটগ্ৰহণ আৰম্ভ কৰা হৈছে। এই প্ৰক্ৰিয়া আজিৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে। উল্লেখ্য যে, শোণিতপুৰ সংসদীয় সমষ্টিত দুই হাজাৰ ৯০০ গৰাকী ভোটদাতাই বাসগৃহৰ পৰা ভোটদান কৰিব।
Assamese | April 8, 2024 12:09 PM | Assam lok sabha election
প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যৰ প্ৰান্তে প্রান্তে পোষ্টেল বেলটৰ জৰিয়তে বয়োজ্যেষ্ঠ ভোটাৰৰ ভোটদান প্রক্রিয়া অব্যাহত