বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলী পৰিলেও দিনটোৰ পিছৰ ভাগলৈ আকাশ ফৰকাল হৈ থাকিব। কালি গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল ২৬ দশমিক ৫ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা আছিল ১১ দশমিক ৬ ডিগ্রী চেলছিয়াছ। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ২৬ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ১২ ডিগ্রী চেলছিয়াছ হ’ব পাৰে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিছে। উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত কুঁৱলী পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে।
Assamese | December 27, 2024 11:16 AM | assam guwahati weather
গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত অহা ২৪ ঘণ্টাত আকাশ ফৰকাল হৈ থাকিব