চৰকাৰে প্ৰকৃত হিতাধিকাৰীয়ে প্রধানমন্ত্রী আবাস যোজনা লাভ কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্রদান কৰিছে। মীন, পশুপালন আৰু গড়কাপ্তানী বিভাগৰ মন্ত্রী কৃষ্ণেন্দু পালে কালি হাইলাকান্দিৰ আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এখন পর্যালোচনা সভাত এইকথা প্রকাশ কৰে। কাইলৈৰ পৰা ৰাজ্যৰ প্ৰায় ৪ লাখ নতুন প্রধানমন্ত্রী আবাস যোজনাৰ হিতাধিকাৰীক ঘৰ নিৰ্মাণৰ বাবে প্রথম কিস্তি প্রদান কৰা হ’ব। এই হিতাধিকাৰীসকলৰ ভিতৰত হাইলাকান্দিৰো প্ৰায় ১০ হাজাৰ লোক আছে। কালিৰ পৰ্যালোচনা বৈঠকত অংশগ্রহণ কৰি মন্ত্রী শ্রীপালে কয়, যে চৰকাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জিতা’ টেগিং প্রক্রিয়াত নতুন প্রযুক্তি ব্যৱহাৰ কৰিবলৈ লৈছে। এই বৈঠকত হাইলাকান্দিৰ বিধায়ক জাকিৰ হুছেইনল লস্কৰ, জিলা আযুক্ত এন এছ গৌতমৰ লগতে জিলা প্ৰশাসনৰ আন আন বিষয়াসকলক উপস্থিত থাকে।
Assamese | March 18, 2025 1:24 PM | Assam Govt
প্ৰকৃত হিতাধিকাৰীয়ে প্রধানমন্ত্রী আবাস যোজনা লাভ কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্রদান চৰকাৰৰ