কেন্দ্রীয় উদ্যোগ আৰু বাণিজ্য মন্ত্রী পীযূষ গোৱেলে কালি স্পেইন চৰকাৰৰ উপ-ৰাষ্ট্ৰপতি তথা অর্থনীতি, বিণিজ্য আৰু ব্যবসায় মন্ত্রী কার্লোছ কোয়েপো কাবালেৰোক সাক্ষাৎ কৰি স্পেইনত আনুষ্ঠানিকভাৱে যোগাযোগ আৰম্ভ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রী গোৱেলে কয়, যে তেওঁলোক দুয়োগৰাকীয়ে বাণিজ্য, বিনিয়োগ আৰু প্ৰযুক্তিৰ সহযোগিতাৰে ভাৰত আৰু স্পেইনৰ অৰ্থনৈতিক অংশীদাৰিত্ব শক্তিশালী কৰাৰ বাবে ফলপ্রসূ আলোচনাত মিলিত হয়।
মন্ত্রী শ্রী গোৱেলে কয়, যে এই আলোচনাত নৱীকৰণযোগ্য শক্তি, সেউজ হাইড্রাজেন, উন্নত উৎপাদন, ডিজিটেল প্রযুক্তি, আন্তঃগাঁথনি আৰু উদ্ভাবনত আলোকপাত কৰা হয়। তেওঁ লগতে কয়, যে দুয়োপক্ষই ভাৰত-ইউৰোপীয় ইউনিয়নৰ মুক্ত বাণিজ্য চুক্তি সন্দর্ভতো মত বিনিময় কৰে। দুয়ো দেশৰ মাজৰ ব্যৱসায়িক সম্পর্ক অধিক শক্তিশালী কৰি তোলাৰ লগতে এখন সক্রিয় অংশীদাৰী দেশ হিচাপে স্পেইনৰ সৈতে ভাৰতৰ যোগাযোগ সম্প্ৰসাৰণৰ উপায় অন্বেষণ কৰে। উল্লেখযোগ্য যে, কেন্দ্রীয় উদ্যোগ আৰু বাণিজ্য মন্ত্রী শ্রী গোৱেলে স্পেইন, বেলজিয়াম আৰু ফিনলেগুলৈ পাঁচ দিনীয়া ভ্রমণসূচীৰে কালি স্পেইনত উপস্থিত হৈছে।