July 14, 2026 12:33 PM

views 16

কেন্দ্রীয় মন্ত্রী পীযূষ গোৱেলৰ স্পেইনৰ উপ-ৰাষ্ট্ৰপতি কার্লোছ কোয়েপো কাবালেৰোক সাক্ষাৎ

কেন্দ্রীয় উদ্যোগ আৰু বাণিজ্য মন্ত্রী পীযূষ গোৱেলে কালি স্পেইন চৰকাৰৰ উপ-ৰাষ্ট্ৰপতি তথা অর্থনীতি, বিণিজ্য আৰু ব্যবসায় মন্ত্রী কার্লোছ কোয়েপো কাবালেৰোক সাক্ষাৎ কৰি স্পেইনত আনুষ্ঠানিকভাৱে যোগাযোগ আৰম্ভ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রী গোৱেলে কয়, যে তেওঁলোক দুয়োগৰাকীয়ে বাণিজ্য, বিনিয়োগ আৰু প্ৰযুক্তিৰ সহযোগিতাৰে ভাৰত আৰু স্পেইনৰ অৰ্থনৈতিক অংশীদাৰিত্ব শক্তিশালী কৰাৰ বাবে ফলপ্রসূ আলোচনাত মিলিত হয়। মন্ত্রী শ্রী গোৱেলে কয়, যে এই আলোচনাত নৱীকৰণযোগ্য শক্তি, সেউজ হাইড্রাজেন, উন্নত উৎপাদন, ডিজিটেল প্রযু...