মৰিগাঁৱত অনুষ্ঠিত ৰাজ্যিক মন্ত্রীসভাৰ বৈঠকত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ অধীনত ২ হাজাৰ কোটি টকাৰ অনুমোদন জনায়। এই আঁচনিৰ অধীনত মহিলাসকলক তিনিটা পৰ্যায়ত ঋণ আৰু ৰাজসাহায্য প্রদান কৰা হ’ব। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ অধীনত ৭৫ হাজাৰ যুৱক-যুৱতীলৈ ৰাজসাহায্যযুক্ত ঋণ প্ৰদান কৰা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। আজিৰ কেবিনেটে বিটিআৰৰ উন্নয়নৰ বাবে ৪০১ কোটি টকাৰ পুঁজিত অনুমোদন জনায়। অংগনৱাড়ী কেন্দ্ৰৰ সঠিক কাৰ্যকৰীকৰণৰ বাবে অংগনৱাড়ী কেন্দ্ৰ ব্যৱস্থাপনা সমিতি গঠনৰ নিৰ্দেশনাতো আজিৰ মন্ত্ৰীসভাৰ বৈঠকে অনুমোদন জনায়৷
Assamese | January 16, 2025 7:00 PM | assam cabinet morigaon btr
ৰাজ্যিক মন্ত্রীসভাৰ বৈঠকত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিত ২ হাজাৰ কোটি টকা, বিটিআৰৰ উন্নয়নৰ বাবে ৪০১ কোটি টকাৰ অনুমোদন