সমাজ কল্যাণ বিভাগৰ অধীনত ২৫ লাখ টকা ব্যয় সাপেক্ষে নৱনিৰ্মিত আছাবাম চাহ বাগিচা আদর্শ অংগনৱাড়ী কেন্দ্ৰটো কালি নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈয়ে মুকলি কৰে। অংগনৱাড়ী কেন্দ্ৰ স্থাপনৰ যোগেদি সমাজ কল্যাণ বিভাগে শিশুসকলৰ মাজত শিক্ষাৰ পোহৰ বিলোৱাৰ লগতে তেওঁলোকৰ স্বাস্থ্য সমন্ধীয় বিভিন্ন দিশৰ যত্ন লৈ আহিছে। বিধায়কগৰাকীয়ে আছাবামত কালি মুকলি কৰা অংগনৱাড়ী কেন্দ্ৰটোৰ যোগেদি অঞ্চলটোৰ শিশুসকল উপকৃত হ’ব বুলি মন্তব্য কৰে ৷
Assamese | December 16, 2025 12:14 PM | asabam angadwari
সমাজ কল্যাণ বিভাগৰ অধীনত ২৫ লাখ টকা ব্যয়সাপেক্ষে আছাবাম চাহ বাগিচা আদর্শ অংগনৱাড়ী কেন্দ্ৰ মুকলি