সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আকাশবাণীৰ বাতৰি সেৱা বিভাগে প্রতিঘণ্টাই প্ৰচাৰিত ইংৰাজী আৰু হিন্দী বাতৰিৰ সময় ১০ মিনিটলৈ বৃদ্ধি কৰিছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰই ইয়াৰ মহাবাহু শাখাত এই বাতৰিসমূহ ৰীলে কৰাৰ বাবে কেইবাখনো আঞ্চলিক বাতৰিৰ সময়সূচীৰ কেতবোৰ সাল সলনি ঘটোৱা হৈছে। সেই অনুসৰি পুৱা ৯ বজাত প্ৰচাৰিত হ’বলগীয়া পুৱাৰ আঞ্চলিক বাতৰি আজিৰে পৰা ৯ বাজি ২০ মিনিটৰ পৰা প্ৰচাৰিত হ’ব। কালিৰে পৰা নিশাৰ আঞ্চলিক বাতৰি ৯ বাজি ২৫ মিনিটৰ পৰিৱৰ্তে নিশা ১০ বজাত প্ৰচাৰিত হৈছে। আকাশবাণী গুৱাহাটীৰ মুখ্য বাতৰিৰ সময়ৰো সাল-সলনি ঘটোৱা হৈছে।
Assamese | May 10, 2025 11:37 AM | all india radio news bulletin
সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আকাশবাণীত প্রতিঘণ্টাই প্ৰচাৰিত ইংৰাজী-হিন্দী বাতৰিৰ সময় ১০ মিনিটলৈ বৃদ্ধি