আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ সংখ্যালঘু মৰ্যাদাৰ বিষয়ক লৈ উচ্চতম ন্যায়ালয়ৰ সাতজনীয়া সংবিধানিক বিচাৰপীঠে আজি এক গুৰুত্বপূৰ্ণ ৰায়দান কৰিব। উচ্চতম ন্যায়ালয়ৰ ৱেবছাইটত প্রকাশিত তালিকা অনুসৰি আজি মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ নেতৃত্বাধীন সংবিধান বিচাৰপীঠে ৰায় ঘোষণা কৰিব। উল্লেখযোগ্য যে, চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত সাতজনীয়া সাংবিধানিক বিচাৰপীঠে এই গোচৰটোৰ চূড়ান্ত শুনানি গ্ৰহণ কৰি ৰায়দান সংৰক্ষিত ৰাখিছিল। শুনানিৰ সময়ত কেন্দ্ৰীয় চৰকাৰৰ হৈ এটর্নী জেনেৰেল আৰ ভেংকটাৰমণি আৰু ছলিচিটৰ জেনেৰেল তুষাৰ মেহতা আৰু কেইবাগৰাকীও জ্যেষ্ঠ আইন বিষয়াই যুক্তি দশোৱাৰ পৰিবৰ্তে আবেদনকাৰীৰ হৈ জ্যেষ্ঠ অধিবক্তা ৰাজীৱ ধৱন, কপিল ছিবালে যুক্তি দর্শাইছিল। ১৯৬৭ চনৰ আজিজ বাছা গোচৰত পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠে কেন্দ্ৰীয় বিশ্ববিদ্যালয় হোৱাৰ বাবে আলিগড় মুছলিম বিশ্ববিদ্যালয়ে সংখ্যালঘু মর্যাদা লাভ কৰিব নোৱাৰে বুলি উল্লেখ কৰাৰ পিছত কেন্দ্ৰীয় চৰকাৰে ১৯৮১ চনৰ আলিগড় মুছলিম বিশ্ববিদ্যালয় (সংশোধনী) আইন অনুসৰি প্রতিষ্ঠানটোক সংখ্যালঘুৰ মৰ্যাদা প্ৰদান কৰিছিল । ইয়াৰ পিছৰ পৰাই এই বিষয়টোক লৈ বিতর্ক অব্যাহত আছে।
Assamese | November 8, 2024 12:00 PM | Aligarh university
আজি আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ সংখ্যালঘু মৰ্যাদাৰ বিষয়ক লৈ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান