মঙলদৈৰ অগ্ৰণী সামাজিক অনুষ্ঠান জীপচি গিল্ডৰ উদ্যোগত জাৰকালিৰ অনুষ্ঠান শীর্ষক কাৰ্যসূচীৰ অধীনত আজিৰে পৰা দুদিনীয়াকৈ এখন পুথি চিত্র কর্মশালা আৰু ছবি প্রদর্শনী অনুষ্ঠিত হৈছে। বিশিষ্ট চলচ্চিত্ৰ পৰিচালক আলতাফ মজিদৰ সোঁৱৰণত এই ছুটি ছবি প্রদর্শনী অনুষ্ঠিত হৈছে। ৰাষ্ট্রীয় স্বীকৃতিপ্রাপ্ত পুথি চিত্রশিল্পী সুজিত দাসৰ তত্বাৱধানত হোৱা এই কর্মশালাত বিশিষ্ট উদ্যোগপতি মুকুল চন্দ্র ডেকাই উদ্বোধন কৰে।
Assamese | December 16, 2025 6:55 PM | Mangoldoi
মঙলদৈত আজিৰে পৰা দুদিনীয়াকৈ এখন পুথি চিত্র কর্মশালা আৰু ছবি প্রদর্শনী অনুষ্ঠিত