অসমত ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ ক্ষেত্রত নির্বাচন আয়োগে গ্রহণ কৰা ভূমিকাক সাংসদ অজিত কুমাৰ ভূঞাই সমালোচনা কৰিছে। ভালেমান সংবেদনশীল বিষয়ক লৈ দেশৰ আন ৰাজ্যৰ তুলনাত অসমৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগে বৈষম্যমূলক নীতি গ্রহণ কৰা বুলি অভিযোগ কৰি অসমৰ পৰা নিৰ্বাচিত ৰাজ্যসভাৰ সাংসদগৰাকীয়ে এই সন্দর্ভত বিশেষকৈ ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনীৰ প্ৰসংগ উল্লেখ কৰে। দেশৰ আন ১২ খন ৰাজ্যত ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনী অর্থাত SIR ৰ ব্যৱস্থা কৰাৰ বিপৰীতে অসমৰ ক্ষেত্ৰত পুংখানুপুংখ সংশোধনীৰ পৰিবৰ্তে কেৱল ভোটাৰ তালিকাৰ বিশেষ সংশোধনী অৰ্থাত SRৰ ব্যৱস্থা কৰাক লৈ তেঁও ক্ষোভ প্রকাশ কৰে। এই ব্যৱস্থাৰ জৰিয়তে ঐতিহাসিক অসস চুক্তিকো উলংঘা কৰা হৈছে বুলি অভিযোগ কৰি সাংসদগৰাকীয়ে কয় যে ইয়াৰ ফলত মাত্ৰ দুটা নিশা অসমত অতিবাহিত কৰা লোকেও ৰাজ্যখনৰ পৰা ভোটদানৰ অধিকাৰ লাভ কৰিব। এই কাৰ্যক ভোটাৰ তালিকাত বহিঃৰাজ্যৰ লোকৰ নাম অন্তর্ভুক্তিৰ চক্রান্ত বুলি অভিহিত কৰি তেঁও লগতে অসমত নির্বাচন আয়োগৰ বিশ্বাসযোগ্যতা হ্রাস পাইছে বুলিও অভিযোগ কৰে।
Assamese | December 17, 2025 12:57 PM | ajit bhyan
অসমত ভোটাৰ তালিকাৰ সংশোধনীৰ ব্যৱস্থা কৰাক লৈ ৰাজ্যসভাত নির্বাচন আয়োগক সাংসদ অজিত কুমাৰ ভূঞাৰ সমালোচনা