বিত্তমন্ত্রী অজন্তা নেওগে আজি গোলাঘাট জিলাত ধৰতি আৱা জনজাতীয় গ্রাম্য উৎকর্ষ অভিযান আঁচনিখনৰ শুভাৰম্ভ কৰে। গমাৰিগুৰি উন্নয়নখণ্ডৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাখনত সজাগতা সৃষ্টিৰ জৰিয়তে অসমৰ চুকে-কোণে ৬ হাজাৰ জনজাতীয় গাঁৱত ৰাস্তা ঘাট, বিদ্যুৎ সংযোগ, অংগনৱাড়ী কেন্দ্ৰৰ নিৰ্মাণ, বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আৱাসগৃহ নির্মাণকে ধৰি ব্যক্তিগত পৰ্যায়ত যাতে প্রত্যেকখন আঁচনিৰ সুফল লাভ কৰিব পাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাটোৱে এই আঁচনিখনৰ মূল উদ্দেশ্য বুলি মন্ত্রী শ্রীমতী নেওগে কয়। আজিৰ এই সজাগতা সভাত গোলাঘাট জিলাৰ জিলা আয়ুক্ত পুলক মহন্ত আৰু উন্নয়ন খণ্ডৰ সংশ্লিষ্ট বিভাগৰ বিষয়াসকলে ৰাইজক আঁচনিখন সন্দৰ্ভত অৱগত কৰে।
Assamese | June 20, 2025 8:49 PM | ajanta neog
গোলাঘাট জিলাত ধৰতি আৱা জনজাতীয় গ্রাম্য উৎকর্ষ অভিযান আঁচনিৰ শুভাৰম্ভ বিত্তমন্ত্রী অজন্তা নেওগৰ