বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযান সন্দৰ্ভত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে পৰহিলৈ ২০ ছেপ্তেম্বৰৰ নিশা ৮ বাজি দুই মিনিটত এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত আমাৰ কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ আৰু ওদালগুৰি জিলাৰ সংবাদদাতা কেইগৰাকীৰ লগতে বি টি চিৰ ভোটগ্রহণ কেন্দ্ৰ থকা বিশ্বনাথ জিলাৰ সংবাদদাতাগৰাকীয়েও অংশগ্রহণ কৰিব। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰে আঁত ধৰিবলগীয়া এই আলোচনাত সাংবাদিক অৰূপ শাণ্ডিল্যইও ষ্টুডিঅ’ৰ পৰা আমাৰ সংবাদদাতাসকলৰ সৈতে আলোচনাত ভাগ ল’ব
Assamese | September 18, 2025 8:04 PM | air guawahati dristipat
বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযান সন্দৰ্ভত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ২০ ছেপ্টেম্বৰত বিশেষ দৃষ্টিপাত অনুষ্ঠান