কেন্দ্ৰীয় চৰকাৰে দিল্লীৰ লালকিল্লাত আয়োজিত ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ পঞ্চায়তীৰাজ প্ৰতিষ্ঠানৰ মহিলা প্রতিনিধিকে ধৰি সমগ্ৰ দেশৰ ৪০০ গৰাকী প্ৰতিনিধিক বিশেষ অতিথি হিচাপে আমন্ত্ৰণ জনাইছে। ইপিনে, পঞ্চায়তীৰাজ মন্ত্রালয়ে আজি নতুন দিল্লীত পঞ্চায়তৰ নেত্ৰীসকলৰ বাবে এখন ৰাষ্ট্ৰীয় কৰ্মশালাৰ আয়োজন কৰিছে। এই কৰ্মশালাত পঞ্চায়তত নেত্ৰীসকলৰ প্ৰত্যাহ্বান আৰু সুযোগ, সাফল্যগাঁথা আৰু স্থানীয় প্ৰশাসনত মহিলাৰ অংশগ্রহণ বৃদ্ধিৰ ৰণনীতি সন্দৰ্ভত আলোচনা কৰা হ‘ব। স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ লাভ কৰা সকলো প্রতিনিধিয়ে এই কর্মশালাত ভাগ ল‘ব। কেন্দ্ৰীয় পঞ্চায়তীৰাজ মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিং আৰু পঞ্চায়ত ৰাজ্য মন্ত্ৰী প্ৰফেছৰ এছ পি সিং বাঘেলে কাইলৈ এই আমন্ত্রিত প্রতিনিধিসকলক সম্বৰ্ধনা জনাব। অনুষ্ঠানত ভাষিনী এপৰ সহযোগত ই-গ্রাম স্বৰাজ নামৰ বহুভাষিক মঞ্চ মুকলি কৰা হ‘ব। এই প‘ৰ্টেলটো অধিসূচিত ২২ টা ভাৰতীয় ভাষাৰ আটাইকেইটাতে চাব পৰা হ‘ব।
Assamese | August 14, 2024 6:59 PM
সমগ্ৰ দেশৰ পঞ্চায়তীৰাজ প্ৰতিষ্ঠানৰ ৪০০ গৰাকী প্ৰতিনিধিক ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্ৰণ কেন্দ্ৰীয় চৰকাৰৰ