April 28, 2025 8:34 PM

views 36

ৰাষ্ট্ৰপতি ভৱনত দেশৰ অন্যতম সর্বোচ্চ অসামৰিক সন্মান পদ্ম বঁটা প্ৰদান ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমুৱে আজি সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনত পদ্ম বঁটাসমূহ প্ৰদান কৰে। দেশৰ অন্যতম সর্বোচ্চ অসামৰিক সন্মান পদ্ম বঁটাসমূহ পদ্ম বিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী এই তিনিটা পৰ্যায়ত প্রদান কৰা হয়। শিক্ষা, সমাজসেৱা, জনসংযোগ, বিজ্ঞান আৰু অভিযান্ত্রিক, বাণিজ্য আৰু উদ্যোগ, চিকিৎসা, সাহিত্য আ...

April 28, 2025 8:32 PM

views 117

ৰাজ্যৰ সত্ৰ-নামঘৰত মহাপুৰুষ দামোদৰ দেৱৰ ৪২৭সংখ্যক তিৰোভাৱ তিথি পালন

মহাপুৰুষ দামোদৰ দেৱৰ ৪২৭ সংখ্যক তিৰোভাৱ তিথি উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন সত্ৰ-নামঘৰত ধর্মীয় অনুষ্ঠান অনুষ্ঠিত হৈছে। একাগ্র ভক্তিবাদ বৈদিক তত্ত্ব সৃষ্টিৰে বৈষ্ণৱবাদৰ প্ৰচাৰক মহাপুৰুষজনাৰ তিথি উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কোচবিহাৰৰ বিভিন্ন সত্ৰ, নামঘৰ, মন্দিৰ আদিত হোম-যজ্ঞ, নাম- প্ৰসংগকে ধৰি ব...

April 28, 2025 8:31 PM

views 33

কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ সমৰ্থনত মন্তব্য দিয়া ২২জন লোকক আটক

কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ সমৰ্থনত মন্তব্য দিয়া লোকৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান চলাই এই পর্যন্ত ২২ জন লোকক আটক কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই ইতিপূর্বে অসম আৰক্ষীক দিয়া নিৰ্দেশ অনুসৰি দেশ বিৰোধী মন্তব্য কৰা লোকসকলক ততালিকে আটক কৰা হৈছে। আজি গোৱালপাৰা আৰক্ষীয়ে নজমু...

April 28, 2025 8:28 PM

views 24

হোজাইৰ লামডিং ৰে’লৱে জংচনত দুগৰাকী বাংলাদেশৰ নাগৰিকক আটক

হোজাই জিলাৰ লামডিং ৰে'লৱে জংচনত আজি ৰে'ল সুৰক্ষা বাহিনীয়ে দুগৰাকী বাংলাদেশৰ নাগৰিকক আটক কৰে। বাহিনীটোৱে উজনিমুৱা ১৩১৭৩ কাঞ্চনজংঘা এক্সপ্ৰেছ ৰে'লগাড়ীখনৰ পৰা লোক দুজনক আটক কৰে। ফিৰোজ শ্বাহ আৰু ম‍ইনা খান নামৰ এই বাংলাদেশী লোক দুজনে দালালক দিয়া ধনৰ বিনিময়ত সীমান্ত পাৰ হৈ ভাৰতত প্ৰৱেশ কৰিছিল বুলি ৰে'...

April 28, 2025 8:27 PM

views 28

দৰং কৰ্কট কেন্দ্ৰৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস দিনজোৰাকৈ পালন

ৰাজ্য চৰকাৰে টাটা ট্ৰাষ্টৰ যৌথ উদ্যোগত মঙলদৈত স্থাপন কৰা আৰু অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচনে পৰিচালনা কৰা দৰং কৰ্কট কেন্দ্ৰৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস দিনজোৰাকৈ পালন কৰা হয়। জৰায়ুৰ কৰ্কট ৰোগ প্ৰতিৰোধ আৰু চিকিৎসাক মূল বিষয় হিচাপে লৈ এইবছৰৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী আয়োজন কৰা হয়। এই উপলক্ষে চিক...

April 28, 2025 8:25 PM

views 13

অনলাইন ট্রেডিঙত বিনিয়োগ-ঋণ দিয়াৰ প্রলোভনেৰে কোটি কোটি টকা আত্মসাতৰ অভিযোগত এগৰাকী মহিলাক আটক

অনলাইন ট্রেডিঙত বিনিয়োগ আৰু ঋণ দিয়াৰ প্রলোভনেৰে কোটি কোটি টকা আত্মসাৎ কৰাৰ অভিযোগত আজি গুৱাহাটী মহানগৰীৰ চানমাৰি আৰক্ষীয়ে এগৰাকী মহিলাক আটক কৰে। আৰক্ষীয়ে বামুণীমৈদামত অভিযান চলাই আটক কৰা মহিলাগৰাকী কবিতা বৈশ্য বুলি চিনাক্ত কৰিছে। আৰক্ষীয়ে ধৃত মহিলাগৰাকীৰ পৰা ১৫১খন নথি, বিভিন্ন লোকৰ নামত থকা পাঁ...

April 28, 2025 8:23 PM

views 43

সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু বটদ্ৰৱাৰ বিধায়ক শিৱামণি বৰাক আক্ৰমণৰ সন্দৰ্ভত আৰক্ষী সঞ্চালকপ্ৰধানক স্মাৰক-পত্ৰ প্ৰদান অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ

সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু বটদ্ৰৱাৰ বিধায়ক শিৱামণি বৰাক আক্ৰমণৰ সন্দৰ্ভত আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে আৰক্ষী সঞ্চালকপ্ৰধান হৰমিত সিঙক সাক্ষাৎ কৰি এখন স্মাৰক-পত্ৰ প্ৰদান কৰে। পত্ৰৰ জৰিয়তে দলৰ নেতৃবৃন্দই এই ঘটনাত জড়িতসকলক চিনাক্ত কৰি বিহিত ব্যৱস্থা ল'বলৈ দাবী জনায়। একেদৰে ৰাজ্যৰ আইন-শৃংখলা পৰিস্থ...

April 28, 2025 8:20 PM

views 39

দিল্লীত অনুষ্ঠিত এছিয়া যোগাসন ক্রীড়াত মৰিগাঁৱৰ স্পৃহা ঋষি কাশ্যপৰ দুটা সোণ; ৮৩টা সোণৰ পদকেৰে ভাৰত শীৰ্ষস্থানত

এছিয়া যোগাসন ক্রীড়া প্রতিযোগিতাত মৰিগাঁৱৰ স্পৃহা ঋষি কাশ্যপে দুটা সোণৰ পদক অৰ্জন কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে। দিল্লীত অনুষ্ঠিত এই প্ৰতিযোগিতাত ভাৰতে সৰ্বমুঠ ৮৩টা সোণৰ পদকেৰে বিশেষ সফলতা প্রদর্শন কৰি পদক তালিকাত শীৰ্ষস্থান দখল কৰিছে। যোৱা ২৫ তাৰিখৰ পৰা অনুষ্ঠিত প্ৰতিযোগিতাত মৰিগাঁও জিলাৰ খেলুৱৈ...

April 28, 2025 8:18 PM

views 17

গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত আয়োজিত বেডমিণ্টন চেম্পিয়নশ্বিপৰ সামৰণি, শীৰ্ষ স্থানত প্ৰাগ নিউজৰ জ্ঞানৰঞ্জন বৰা

গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত ৰাধা গোবিন্দ বৰুৱা ক্রীড়া প্ৰকল্পত আয়োজিত বেডমিণ্টন চেম্পিয়নশ্বিপৰ আজি সামৰণি পৰে। প্ৰতিযোগিতাৰ পুৰুষৰ শাখাত প্ৰাগ নিউজৰ জ্ঞানৰঞ্জন বৰাই শীর্ষ স্থান দখল কৰে। আছাম ট্ৰিবিউনৰ শিৱাশিষ ঠাকুৰে দ্বিতীয় স্থান দখল কৰিবলৈ সমৰ্থ হয়। প্ৰাগ নিউজৰ ৰঞ্জিত ৰায়ে তৃতীয় স্থান লাভ ...

April 28, 2025 1:00 PM

views 48

সংসদীয় পৰিচালনা সমিতিৰ ১৪ জনীয়া এটা দলে আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত

সংসদীয় পৰিচালনা সমিতিৰ ১৪ জনীয়া এটা দলে আজি বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত হৈছে। পৰিবহন, পৰ্যটন আৰু সাংস্কৃতিক বিভাগৰ কাম-কাজসমূহ পর্যৱেক্ষণ কৰাৰ উদ্দেশ্যে এই দলটো অসমৰ লগতে অৰুণাচল আৰু মেঘালয়লৈ আহে। দলটোৱে কাজিৰঙাত উপস্থিত হৈ ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰা বনাঞ্চল পৰিদৰ্শন ক...