ৰাজ্য চৰকাৰে টাটা ট্ৰাষ্টৰ যৌথ উদ্যোগত মঙলদৈত স্থাপন কৰা আৰু অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচনে পৰিচালনা কৰা দৰং কৰ্কট কেন্দ্ৰৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস দিনজোৰাকৈ পালন কৰা হয়। জৰায়ুৰ কৰ্কট ৰোগ প্ৰতিৰোধ আৰু চিকিৎসাক মূল বিষয় হিচাপে লৈ এইবছৰৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী আয়োজন কৰা হয়। এই উপলক্ষে চিকিৎসা প্রতিষ্ঠানটোত এখন সজাগতা সভা অনুষ্ঠিত হয়। এই সভাত চিকিৎসা প্রতিষ্ঠানটোৰ অধীক্ষগৰাকীয়ে বিগত তিনি বছৰত তেওঁলোকে দৰং জিলাৰ লগতে চুবুৰীয়া জিলাসমূহত কৰ্কট ৰোগীৰ লগতে অন্যান্য ৰোগত আক্ৰান্ত ৰোগীসকলক চিকিৎসা সেৱা আগবঢ়োৱাৰ বিষয়ে অৱগত কৰে। অনুষ্ঠানটোত পদ্মশ্ৰী সন্মানেৰে সন্মানিত দ্ৰোণ ভূঞা, অসম সৌৰভ সন্মানেৰে বিভূষিত হেমন্ত দত্ত আৰু অসম গৌৰৱ সন্মানেৰে বিভূষিত অনুপম ডেকা তথা টেনজিং বডোচাক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানত প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতাৰো আয়োজন কৰা হয়।
Assamese | April 28, 2025 8:27 PM | darrang cencer foundation day
দৰং কৰ্কট কেন্দ্ৰৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস দিনজোৰাকৈ পালন