April 29, 2025 11:06 AM

views 44

আই পি এল ক্রিকেটত গুজৰাট টাইটানছক ৮ উইকেটত পৰাস্ত ৰাজস্থান ৰয়েলছৰ

আই পি এল ক্রিকেট প্রতিযোগিতাত যোৱা নিশা এখন খেলত ৰাজস্থান ৰয়েলছে গুজৰাট টাইটানছক ৮ উইকেটত পৰাস্ত কৰে। জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ৰাজস্থানে ২৫ টা বল বাকী থাকোতেই ২১০ ৰানৰ বিজয় লক্ষ্য অতিক্ৰম কৰিবলৈ সক্ষম হয়। যশস্বী জয়ছোৱালে ৪০ টা বলত ৭০ আৰু অধিনায়ক ৰিয়ান পৰাগে ১৫ টা বলত ৩২...

April 29, 2025 11:05 AM

views 40

আই পি এল ক্ৰিকেটত শতক অৰ্জন কৰা সর্বকনিষ্ঠ খেলুৱৈ বৈভৱ সূৰ্যবংশী

আই পি এল ক্রিকেট প্রতিযোগিতাত যোৱা নিশা জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত ৰাজস্থান ৰয়েলছ আৰু গুজৰাট টাইটানছ মাজৰ খেলখনত  ৰাজস্থানৰ বৈভৱ সূৰ্যবংশীয়ে কেইবাটাও অভিলেখ সৃষ্টি কৰিবলৈ সমৰ্থ হয়। ৩৮টা বলত ১০১ ৰান কৰা বৈভৱ আই পি এলৰ ইতিহাসত শতক অৰ্জন কৰা সর্বকনিষ্ঠ খেলুৱৈত পৰিণত হয়। তদুপৰি বৈভৱ প...

April 29, 2025 11:03 AM

views 48

গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত অহা ২৪ ঘণ্টাত বতৰ আংশিকভাৱে ডাৱৰীয়া, বৰষুণৰ সম্ভাৱনা

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ২৮ ডিগ্রী ছেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ১৯ ডিগ্রী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজান...

April 29, 2025 11:00 AM

views 28

গোলাঘাটৰ সৰুপথাৰৰ ঔটেঙাতল চুবুৰীত ডায়েৰীয়াসদৃশ ৰোগত দুগৰাকী মহিলাৰ মৃত্যু, বহু লোক আক্ৰান্ত

গোলাঘাট জিলাৰ সৰুপথাৰ সমজিলাৰ অন্তৰ্গত ছেৱাগুৰিৰ ঔটেঙাতল চুবুৰীত ডায়েৰীয়াসদৃশ ৰোগত বহু লোক আক্ৰান্ত হোৱাৰ লগতে এই ৰোগৰ ফলত দুগৰাকী মহিলাৰ মৃত্যু হৈছে। চাৰিদিন পূৰ্বে গাঁওখনৰ একাংশ লোক এনে ৰোগত আক্ৰান্ত হৈ সৰুপথাৰ আৰু গোলাঘাটত চিকিৎসাধীন হৈছিল। ইয়াৰে ৰুফিনা কৰ্মকাৰ আৰু পূর্ণিমা কেৰকেটা নামৰ মহিলা ...

April 28, 2025 9:23 PM

views 33

২৬খন ৰাফেল নৌসেনা যুঁজাৰু বিমান ক্ৰয়ৰ বাবে ফ্ৰান্সৰ সৈতে ভাৰতৰ প্ৰতিৰক্ষা চুক্তিত স্বাক্ষৰ

ভাৰতে আজি ২৬খন ৰাফেল নৌসেনা যুঁজাৰু বিমান ক্ৰয় কৰাৰ বাবে ফ্ৰান্সৰ সৈতে এখন প্ৰতিৰক্ষা চুক্তিত স্বাক্ষৰ কৰে। নতুন দিল্লীত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু ফ্ৰান্সৰ সশস্ত্র সেনা দপ্তৰৰ মন্ত্ৰী ছেবাষ্টিয়ান লেকৰ্ণৰ মাজত এই আভ্যন্তৰীণ-চৰকাৰী চুক্তি স্বাক্ষৰিত হয়। এই ২৬ খন যুঁজাৰু বিমানৰ ভিতৰত ২২ খন হ...

April 28, 2025 9:22 PM

views 24

জম্মু-কাশ্মীৰৰ পহলগাম সন্ত্রাসবাদী আক্রমণ সন্দৰ্ভত কিছুসংখ্যক কংগ্ৰেছ নেতাই কৰা বিতর্কিত মন্তব্যক বিজেপিৰ গৰিহণা

জম্মু-কাশ্মীৰৰ পহলগাম সন্ত্রাসবাদী আক্রমণ সন্দৰ্ভত কিছুসংখ্যক কংগ্ৰেছ নেতাই কৰা বিতর্কিত মন্তব্যক বিজেপিয়ে গৰিহণা দিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত জ্যেষ্ঠ বিজেপি নেতা ৰবিশংকৰ প্ৰসাদে কয়, যে এই আক্ৰমণৰ ভুক্তভোগীসকলে দাবী কৰাৰ দৰে সন্ত্ৰাসবাদীয়ে তেওঁলোকৰ ধৰ্ম সোধা নাছিল বুলি কিছ...

April 28, 2025 9:20 PM

views 42

জম্মু-কাশ্মীৰ বিধানসভাত পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ নিন্দা প্ৰস্তাৱ গৃহীত

জম্মু-কাশ্মীৰ বিধানসভাত আজি পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ নিন্দা প্ৰস্তাৱ গৃহীত হয়। এই প্ৰস্তাৱত সন্ত্রাসবাদী আক্রমণক জঘন্য, বৰ্বৰ, অমানৱীয় আৰু কাপুৰুষৰ কাৰ্য বুলি ব্যাখ্যা কৰা হয়। বিধানসভাত প্রায় ৩ ঘণ্টাজোৰা দীঘলীয়া আলোচনাৰ অন্তত এই প্ৰস্তাৱ সৰ্বসন্মতিক্রমে গৃহীত হয়। প্ৰস্তাৱটোত উল্লেখ ক...

April 28, 2025 9:17 PM

views 22

দেশত পোষ্ট অফিচৰ জৰিয়তে কিতাপ আৰু অধ্যয়নৰ সামগ্ৰী পঠিওৱাৰ সুবিধাৰে ‘জ্ঞান পোষ্ট’ শীৰ্ষক সেৱা মুকলি

কেন্দ্রীয় যোগাযোগ মন্ত্রী জ্যোতিৰাদিত্য সিন্দিয়াই আজি সমগ্ৰ দেশতে পোষ্ট অফিচৰ জৰিয়তে কিতাপ আৰু অধ্যয়নৰ সামগ্ৰী পঠিওৱাৰ সুবিধাৰে জ্ঞান পোষ্ট শীৰ্ষক এবিধ সেৱা মুকলি কৰে। নতুন দিল্লীত আজি এখন সংবাদ মেলত শ্রীসিন্দিয়াই কয়, যে শিক্ষণ সামগ্ৰীসমূহ ভৌগলিক অৱস্থান অথবা সুলভতাৰ ওপৰত নিৰ্ভৰ কৰা উচিত নহয়।...

April 28, 2025 9:15 PM

views 38

২৬/১১ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ মূল ষড়য়ন্ত্ৰকাৰী তহববুৰ ৰানাক পুনৰ ১২ দিনৰ বাবে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ জিম্মালৈ প্ৰেৰণ

আমেৰিকা যুক্তৰাষ্ট্ৰই কিছুদিনৰ পূৰ্বে ভাৰতলৈ প্ৰত্যৰ্পণ কৰা ২৬/১১ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ মূল ষড়য়ন্ত্ৰকাৰী তহববুৰ হুছেইন ৰানাক আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ এখন বিশেষ আদালতত হাজিৰ কৰোৱা হয় ৷ ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ বিশেষ আদালতৰ ন্যায়াধীশ চন্দ্ৰজিত সিঙৰ সন্মুখত ৰানাক হাজ...

April 28, 2025 8:36 PM

views 39

পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰাৰ্থীসকলৰ প্ৰচাৰ অভিযান তীব্ৰতৰ; বিশ্বনাথ-শোণিতপুৰ-নগাঁৱত মুখ্যমন্ত্ৰীৰ প্ৰচাৰ সভা

পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণিলৈ দুটা দিন বাকী থকা অৱস্থাত বিভিন্ন ৰাজনৈতিক দলৰ লগতে নির্দলীয় প্রার্থীসকলে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বিশ্বনাথ, শোণিতপুৰ আৰু নগাঁৱত প্ৰচাৰ সভাত অংশ লয়। জনসাধাৰণক উদ্দেশ্যি দিয়া ভাষণত ...