January 21, 2025 9:14 PM

views 20

অষ্ট্ৰেলিয়ান অ’পেন টেনিছ প্রতিযোগিতাত মহিলাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত পাউলা বাদ’ছাই

অষ্ট্ৰেলিয়ান অ'পেন টেনিছ প্রতিযোগিতাৰ ১১ নম্বৰ বাছনিৰ খেলুৱৈ পাউলা বাদ'ছাই আজি বিশ্বৰ তৃতীয় বাছনিৰ খেলুৱৈ ক'ক' গোফক ৭-৫, ৬-৪ ছেটত পৰাজিত কৰি মহিলাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ৰ'ড লেভাৰ এৰেনাত অনুষ্ঠিত এই খেলখনত বাদুছাই গোফক এঘণ্টা ৪৩ মিনিটৰ সময়ছোৱাত পৰাজিত কৰে। পুৰুষৰ ছিংগলছত বিশ্বৰ ...

January 21, 2025 8:40 PM

views 17

দক্ষিণ কোৰিয়াত এগৰাকী মন্ত্ৰীৰ লগতে কেইবাটাও ঔদ্যোগিক প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতবিনিময়

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি দক্ষিণ কোৰিয়াৰ ৰাজধানী ছিউলত দেশখনৰ এগৰাকী মন্ত্ৰীৰ লগতে কেইবাটাও ঔদ্যোগিক প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰ সৈতে মত বিনিময় কৰে। অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত হ'বলগীয়া এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণলৈ বিদেশী বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ উদ্দেশ্যেৰে দক্ষিণ কোৰিয়া...

January 21, 2025 8:39 PM

views 31

কৰ্তব্যৰত অৱস্থাত মৃত্যু হোৱা ১১গৰাকী ঠিকাভিত্তিক শিক্ষকৰ নিকটাত্মীয়ক শিক্ষামন্ত্ৰীৰ সাহায্য প্ৰদান

কৰ্তব্যৰত অৱস্থাত মৃত্যু হোৱা ১১ গৰাকী ঠিকাভিত্তিক শিক্ষকৰ নিকটাত্মীয়ক আজি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে ক্ষতিপূৰণৰ চেক প্ৰদান কৰে। গুৱাহাটীৰ সমগ্ৰ শিক্ষা কাৰ্যালয়ত শিক্ষামন্ত্ৰীগৰাকীয়ে ঠিকাভিত্তিক শিক্ষকৰ পৰিয়াললৈ ৫ লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰে।

January 21, 2025 8:37 PM

views 31

ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ উপলক্ষে গুৱাহাটী মহানগৰত পথ সুৰক্ষাৰ বিষয়ত সজাগতা কাৰ্যসূচী

ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অধীনস্থ মাই ভাৰত নেহৰু যুৱ কেন্দ্ৰ সংগঠনে সমগ্ৰ দেশতে যোৱা ১৭ জানুৱাৰীৰ পৰা ২৩ জানুৱাৰীলৈ ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহৰ বিস্তৃত কাৰ্যসূচী গ্ৰহণ কৰিছে। এই কাৰ্যসুচীৰ অংশ হিচাপে আজি কামৰূপ মহানগৰ জিলা নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত আৰু জিলা পৰিবহণ বিভাগৰ সহ...

January 21, 2025 8:36 PM

views 24

ধুবুৰীৰ বিলাসীপাৰাত জেহাদী কার্যকলাপত জড়িত থকাৰ অভিযোগত এজন লোকক আটক

অসম আৰক্ষীৰ বিশেষ কার্যবাহিনী আৰু বিলাসীপাৰা আৰক্ষীয়ে ধুবুৰীৰ বিলাসীপাৰাত যুটীয়া অভিযান চলাই জেহাদী কার্যকলাপত জড়িত থকাৰ অভিযোগত আজি পুনৰ এজন লোকক আটক কৰে। ধৃত লোকজন বিলাসীপাৰাৰ চিনামাৰী গাঁৱৰ আজিবৰ ৰহমান বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। আৰক্ষীয়ে লোকজনৰ পৰা কেতবোৰ আপত্তিজনক নথিপত্র উদ্ধাৰ কৰে। পাছত ...

January 21, 2025 8:34 PM

views 22

হাটশিঙিমাৰীত ভূমিকম্প আৰু অগ্নিকাণ্ডৰ সময়ত ল’বলগীয়া ব্যৱস্থা সন্দৰ্ভত ম’ক ড্রিল কাৰ্যসূচী

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সহযোগত দক্ষিণ শালমাৰা মানকাচৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা কর্তৃপক্ষই আজি হাটশিঙিমাৰীত ভূমিকম্প আৰু অগ্নিকাণ্ডৰ সময়ত কিদৰে সহায় কৰিব সেই সন্দৰ্ভত এটা ম’ক ড্রিল কাৰ্যসূচী অনুষ্ঠিত কৰে। ইয়াৰ জৰিয়তে ভূমিকম্প আৰু অগ্নিকাণ্ডত আহত হোৱা লোকসকলক উদ্ধাৰ কৰা তথা দুৰ্...

January 21, 2025 8:33 PM

views 38

অসমৰ চাৰিনাম চৈধ্য প্ৰসংগৰে মুখৰিত প্ৰয়াগৰাজৰ মহাকুম্ভমেলা

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অনুষ্ঠিত বিশ্বাস আৰু সংস্কৃতিৰ মহাকুম্ভমেলাৰ বাকৰি আজি অসমৰ চাৰিনাম চৈধ্য প্ৰসংগৰে মুখৰিত হৈ পৰে। মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনার্দন দেৱগোস্বামীৰ নেতৃত্বত কুম্ভমেলালৈ যোৱা সত্ৰাধিকাৰ তথা গায়ন-বায়নৰ দলটোৱে হৰিনামেৰে কুম্ভমেলাস্থলী মুখৰ কৰি তোলে। কুম্ভমেলাস্থলী...

January 21, 2025 8:31 PM

views 32

বিজনীৰ নৰ্থ-ইষ্ট মিলিটেৰী স্কুলৰ নতুন স্থায়ী চৌহদৰ লগতে ছাত্রাৱাস ইৰাকদাও ভৱন উদ্বোধন

বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে আজি চিৰাং জিলাৰ বিজনীৰ নিকটৱৰ্তী হাৱাৰ গাঁৱত অৱস্থিত নৰ্থ-ইষ্ট মিলিটেৰী স্কুলৰ নতুন স্থায়ী চৌহদৰ লগতে ছাত্রাবাস ইৰাকদাও ভৱন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই উপলক্ষে আয়োজিত সভাত শ্ৰী বড়োৱে বিদ্যালয়খনে বিটিচিৰ লগতে উত্তৰ-পূবৰ বাবে যথেষ্ট সংখ্যক সেনা-বিষয়া...

January 21, 2025 8:30 PM

views 24

শিৱসাগৰৰ নামতিৰ ছহিদ পিয়লিফুকন মহাবিদ্যালয়ত ৪ দিনীয়াকৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱ

শিৱসাগৰ জিলাৰ নামতিৰ ছহিদ পিয়লিফুকন মহাবিদ্যালয়ত ৪ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱ আজি বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য্য ড০ জীতেন হাজৰিকাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানতে বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়াই যুৱ মহোৎসৱ উপলক্ষে প্ৰকাশ কৰা স্ম...

January 21, 2025 7:18 PM

views 29

ৰাজ্যৰ ১৩খন জিলাত ২য় পৰ্যায়ৰ গুণোৎসৱৰ বহিঃমূল্যায়নৰ আজি দ্বিতীয় দিন, গুৱাহাটীৰ দুখন বিদ্যালয়ত শিক্ষামন্ত্ৰী ৰণোজ পেগু

চলিত বছৰৰ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ বহিঃমূল্যায়নৰ দ্বিতীয় দিনা আজি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি গুৱাহাটীৰ কাহিলিপাৰাৰ ফাগুনা ৰাভা উচ্চ মাধ্যমিক বিদ্যালয় আৰু লক্ষ্মীনাথ বেজবৰুৱা মধ্য ইংৰাজী বিদ্যালয়ত গুণোৎসৱৰ কাৰ্যসূচীত ভাগ লয়। চিৰাং জিলাৰ অভিভাৱক মন্ত্ৰী উৰ...