January 21, 2025 8:36 PM | dhuburi jihadi arrest

printer

ধুবুৰীৰ বিলাসীপাৰাত জেহাদী কার্যকলাপত জড়িত থকাৰ অভিযোগত এজন লোকক আটক

অসম আৰক্ষীৰ বিশেষ কার্যবাহিনী আৰু বিলাসীপাৰা আৰক্ষীয়ে ধুবুৰীৰ বিলাসীপাৰাত যুটীয়া অভিযান চলাই জেহাদী কার্যকলাপত জড়িত থকাৰ অভিযোগত আজি পুনৰ এজন লোকক আটক কৰে। ধৃত লোকজন বিলাসীপাৰাৰ চিনামাৰী গাঁৱৰ আজিবৰ ৰহমান বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। আৰক্ষীয়ে লোকজনৰ পৰা কেতবোৰ আপত্তিজনক নথিপত্র উদ্ধাৰ কৰে। পাছত অসম আৰক্ষীৰ বিশেষ কার্যবাহিনীয়ে লোকজনক গুৱাহাটীলৈ লৈ আহে। ৰাজ্যত জেহাদী কার্যকলাপ ৰোধ কৰাৰ বাবে অসম আৰক্ষীৰ প্ৰঘাত অভিযানৰ অধীনত এই পর্যন্ত এজন বাংলাদেশী নাগৰিককে ধৰি ১৪ জন লোকক আটক কৰা হৈছে ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।