December 16, 2025 7:16 PM | mritrunjoy

printer

মৃত্যুঞ্জয় সেৱা পৰিচালনা কৰা প্রতিষ্ঠানে বৰ্খাস্ত নকৰা কৰ্মচাৰীসকলক কর্তব্যত যোগদান কৰিবলৈ নিৰ্দেশ

ৰাজ্যত মৃত্যুঞ্জয় ১০৮ জৰুৰীকালীন সেৱা পৰিচালনা কৰা প্রতিষ্ঠান GVKEMRI গ্রীণ হেল্থ ছার্ভিচেছে বৰ্খাস্ত নকৰা কৰ্মচাৰীসকলক ২২ ডিচেম্বৰ বা তাৰ আগেয়ে কর্তব্যত যোগদান কৰিবলৈ নিৰ্দেশ দিছে। এই সন্দর্ভত প্রতিষ্ঠানটোৱে নিজৰ স্থিতি স্পষ্ট কৰি আজি কয় যে নির্ধাৰিত সময়সীমাৰ ভিতৰত কৰ্তব্যত যোগদান নকৰা কৰ্মচাৰীসকলক বৰ্খাস্ত কৰা হব। উল্লেখযোগ্য যে প্রাপ্য সুবিধাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ তুলি বিগত কেইবাদিনো ধৰি সদৌ অসম ১০৮ মৃত্যুঞ্জয় সেৱা সন্থাৰ উদ্যোগত একাংশ কৰ্মচাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। এনে প্রতিবাদক অবৈধ আখ্যা দি পৰিচালনা প্রতিষ্ঠানটোৱে ইতিমধ্যে ৮৫০ গৰাকী কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে। বৰ্খাস্ত নোহোৱা আন একাংশ কৰ্মচাৰীয়ে কৰ্তব্যত যোগদানৰ পৰা বিৰত আছে। এই কৰ্মচাৰীসকলক কৰ্তব্যত যোগদানৰ সময়সীমা বান্ধি দিয়া হৈছে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ নিৰ্দেশ মর্মে প্রতিষ্ঠানটোৱে বৰ্খাস্ত হোৱা কৰ্মচাৰীসকলৰ ঠাইত নতুন কর্মচাৰী নিয়োগ কৰিছে।