ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি ৱেলিংটন ৰে’ল ষ্টেচনৰ চৌহদত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত পুষ্পার্ঘ্য নিবেদন কৰে। তেওঁৰ সৈতে লোকসভাৰ সাংসদ যুগল কিশোৰ শৰ্মা আৰু সৌমিত্ৰা খানৰ লগতে নিউজিলেণ্ডৰ গৱর্নৰ জেনেৰেল ডেম চিন্দি কিৰো আৰু মিনিষ্টাৰ অব্ ষ্টেট জৰ্জ কুৰিয়ান উপস্থিত থাকে। ইপিনে, আজি পুৱা নিউজিলেণ্ডৰ ৱেলিংটনৰ টাকিনা ৱেলিংটন অভিৱৰ্তন কেন্দ্ৰত আয়োজিত নিউজিলেণ্ড আন্তঃৰাষ্ট্ৰীয় শিক্ষা সন্মিলনত ভাষণ দি ৰাষ্ট্ৰপতিগৰাকীয়ে শিক্ষাক সামাজিক পৰিৱৰ্তন আৰু ৰাষ্ট্ৰ গঠনৰ মাধ্যম বুলি অভিহিত কৰে। তেওঁ কয় যে ভাৰত চৰকাৰে দেশত শিক্ষাৰ মান উন্নত কৰাৰ উদ্দেশ্যে ভালেমান ব্যৱস্থা গ্ৰহণ কৰিছে। শ্ৰীমতী মুৰ্মু আজি পুৱা দুদিনীয়া নিউজিলেণ্ড ভ্রমণসূচীৰে দেশখনৰ ৰাজধানী ৱেলিংটনত উপস্থিত হয়। তাত তেওঁক দেশখনৰ গৱৰ্ণৰ জেনেৰেল ডেম চিন্দি কিৰোৰ উপস্থিতিত ৰয়েল গার্ড অব অনাৰেৰে অভ্যর্থনা জনোৱা হয়৷
Assamese | August 8, 2024 2:15 PM | Droupadi Murmu
ৱেলিংটন ৰে’ল ষ্টেচনৰ চৌহদত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত পুষ্পার্ঘ্য নিবেদন ৰাষ্ট্ৰপতি মুৰ্মুৰ