ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি গোড়খপুৰৰ ৰে’ল ষ্টেচন পৰিদৰ্শন কৰি গোড়খপুৰ জংচনৰ নতুন প্রকল্পটো পর্যালোচনা কৰে। মন্ত্ৰীগৰাকীক ৰে’ল বিভাগৰ শীৰ্ষ বিষয়াসকলে প্ৰস্তাৱিত মডেল ষ্টেচনটোৰ সবিশেষ অৱগত কৰে। মন্ত্ৰীগৰাকীয়ে প্ৰকল্পটোৰ অগ্ৰগতিত সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে প্ৰকল্পটো সম্পূর্ণ হোৱাৰ পাছত জনসাধাৰণে ষ্টেচনটোৰ জৰিয়তে কেনেধৰণেৰে উপকৃত হ’ব সেই লৈয়ো মন্তব্য কৰে। প্ৰকল্পটো পৰ্যবেক্ষণ কৰাৰ অন্তত তেওঁ কয়, যে যথেষ্ট ক্ষিপ্ৰতাৰে ষ্টেচনটোৰ কাম-কাজ আগবাঢ়িছে আৰু সময়মতে প্রকল্প সম্পূর্ণ হ’ব। গোড়খপুৰৰ সংস্কৃতি আৰু ঐতিহ্য স্মৃতি ধৰি ৰাখিব পৰাকৈ ষ্টেচনটোৰ নক্সা প্ৰস্তুত কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে জনোৱা বিমানবন্দৰৰ নতুন টার্মিনেলৰ সমীপত এটা ৰে’ল ষ্টেচন নিৰ্মাণৰ পৰিকল্পনা প্ৰস্তুত কৰিবলৈ ৰে’লৱে বিষয়াসকলক নিৰ্দেশ দিয়া হৈছে।
Assamese | February 9, 2025 8:18 PM | Ashwini Baishnav
ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ গোড়খপুৰ জংচনৰ নতুন প্রকল্পৰ পর্যালোচনা