অসম সন্তান জনপ্রিয় সংগীত শিল্পী জয় বৰুৱা আৰু এনিমেশ্যন পৰিচালক সমুদ্ৰ কাজল শইকীয়াই আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ অভিলাষী অভিযানৰ সৈতে জড়িত আন্তঃৰাষ্ট্ৰীয় সংগীত প্ৰকল্পত স্থান লাভ কৰি ইতিহাস ৰচনা কৰিছে। তেওঁলোকে নাছাৰ কোচি অভিযানৰ অন্তৰ্গত কছমিক ৰেপছডি নামৰ অভিনব আন্তঃৰাষ্ট্ৰীয় প্ৰকল্পত মুখ্য ভূমিকা পালন কৰিছে। কছমিক ৰেপছ’ডি হৈছে- বিজ্ঞান, সংগীত আৰু এনিমেশ্যনৰ বিৰল সংমিশ্রণ। পৃথিৱীৰ ক্ৰমৱৰ্ধমান পৰিৱেশ বিষয়ক সংকটৰ স্থায়ী সমাধান বিচাৰি এগৰাকী কাল্পনিক মানুহ আৰু এটা কৃত্রিম বুদ্ধিমত্তাই মহাকাশলৈ কৰা মহাজাগতিক যাত্ৰাৰ কাহিনীৰে এই প্ৰকল্পৰ মূল ভেটি গঢ় লৈ উঠিছে। মানৱ সত্তা আৰু প্ৰযুক্তিৰ এই যাত্ৰাক অর্কেস্ট্রা সংগীত, হৃদয়স্পর্শী পপ সুৰ আৰু চিনেমেটিক এনিমেশ্যনৰ জৰিয়তে ফুটাই তোলা হৈছে। এই প্ৰকল্পৰ সৃষ্টিশীল ধাৰণা গল্পকাৰ আৰু গীতিকাৰ যুটী ড০ সুজান লিম আৰু ড০ ক্রিষ্টিনা টিনজস্তানৰ প্ৰধান সুৰকাৰ হিচাপে আছে ফ্ৰান্সৰ মানু মাৰ্টিন আৰু বৈজ্ঞানিক নেতৃত্বত আছে কেলফ’ৰ্নিয়া বিশ্ববিদ্যালয়ৰ মহাকাশ বিজ্ঞান পৰীক্ষাগাৰৰ প্ৰধান গৱেষক জন টমছিক। এই প্ৰকল্পত জয় বৰুৱাই দুটা মূল গীত ষ্টাৰ এমং দ্যা কছমিক ক্লাউডছ আৰু কনফেটিষ্টাৰ আয়নত কণ্ঠদান কৰিছে। সমুদ্র কাজল শইকীয়াই এই গীতসমূহৰ বাবে মনোমুগ্ধকৰ ছিনেমেটিক এনিমেশ্যন আৰু দৃশ্য সজ্জা প্ৰস্তুত কৰিছে। তেওঁৰ তুলাকাৰে মহাকাশৰ সেই অদেখা বিস্ময়বোৰ জীৱন্ত হৈ উঠিছে।
Assamese | September 17, 2026 12:02 PM | NASA
নাছাৰ অভিলাষী অভিযানৰ সৈতে জড়িত আন্তঃৰাষ্ট্ৰীয় সংগীত প্ৰকল্পত স্থান লাভ জয় বৰুৱা আৰু সমুদ্ৰ কাজল শইকীয়াৰ