ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ অধ্যক্ষতাত ৰাষ্ট্ৰপতি ভৱনত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে ৰাজ্যপালসকলৰ এখন সন্মিলন অনুষ্ঠিত হৈছে। উল্লেখযোগ্য যে এইখন হ’ল ৰাষ্ট্ৰপতিৰ অধ্যক্ষতাত হ’বলগীয়া ৰাজ্যপালসকলৰ প্ৰথমখন সন্মিলন। দেশৰ প্ৰতিখন ৰাজ্যৰ ৰাজ্যপালসকলে অংশগ্ৰহণ কৰিবলগীয়া এই সন্মিলনত উপৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে অমিত শ্বাহ, ধর্মেন্দ্ৰ প্ৰধান, শিৱৰাজ সিং চৌহান, অশ্বিনী বৈষ্ণৱ আৰু ড০ মনসুখ মন্দাভিয়াকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীয়ে ভাগ ল’ব। নীতি আয়োগৰ উপাধক্ষ্য তথা মুখ্য কাৰ্যবাহী বিষয়া, প্রধানমন্ত্ৰীৰ কাৰ্যালয়ৰ জ্যেষ্ঠ বিষয়া আৰু গৃহ মন্ত্ৰ্যালয়ৰ কেবিনেট সচিবেও বৈঠকত অংশ ল’ব। সন্মিলনৰ কাৰ্যসূচীত তিনিখন ফৌজদাৰী আইনৰ ৰূপায়ণ, উচ্চ শিক্ষাখণ্ডৰ সংস্কাৰ আৰু বিশ্ববিদ্যালয়ৰ স্বীকৃতি আৰু অগ্ৰাধিকাৰপ্ৰাপ্ত ক্ষেত্ৰসমূহৰ উন্নয়নৰ লেখীয়া বিষয়সমূহে স্থান লাভ কৰিব। বিভিন্ন অভিযানৰ ক্ষেত্ৰত ৰাজ্যপালৰ ভূমিকা আৰু ৰাজ্যত বিভিন্ন কেন্দ্ৰীয় সংস্থাৰ মাজত উন্নত সমন্বয়ৰ দৰে আন ভালেমান গুৰুত্বপূৰ্ণ বিষয় লৈ সন্মিলনত আলোচনা কৰা হ’ব।
Assamese | August 2, 2024 5:03 PM | Droupadi Murmu | President Address
ৰাষ্ট্ৰপতি মুৰ্মুৰ অধ্যক্ষতাত ৰাষ্ট্ৰপতি ভৱনত দুদিনীয়াকৈ ৰাজ্যপালসকলৰ সন্মিলন অনুষ্ঠিত হৈছে