January 21, 2025 11:12 AM | S Jaishankar in America

printer

ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্প শপত গ্রহণ অনুষ্ঠানত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ অংশগ্ৰহণ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কালি ৱাশ্বিংটনত অনুষ্ঠিত ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্প শপত গ্রহণ অনুষ্ঠানত ভাগ লয়। অনুষ্ঠানত শ্রী জয়শংকৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশেষ প্রতিনিধি হিচাপে ভাগ লৈছিল। ইয়াৰ পূৰ্বে কালি মন্ত্ৰীগৰাকীয়ে ৱাশ্বিংটন ডি চিত থকা ছেইণ্ট জ’নছ চাৰ্চত অনুষ্ঠিত এটা কাৰ্যসূচীতো ভাগ লয়।