মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গোৱালপাৰা জিলাৰ দুধনৈৰ উদয়পুৰত ৰাভা হাচং স্বায়ত্ব শাসিত পৰিষদৰ সচিবালয় ভৱন উদ্বোধন কৰে। ৰাভা হাচং স্বায়ত্ব শাসিত পৰিষদৰ প্ৰশাসনিক প্রয়োজনীয়তা আৰু সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এই ভৱনটো নিৰ্মাণ কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে লগতে পৰিষদৰ এটা সংগ্ৰহালয় আৰু ৰাভা ৰজা বীৰ পৰশুৰামৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি উন্মোচন কৰে। জনজাতীয় সমাজৰ উন্নয়নৰ বাবে উৎসৰ্গিত ৰাজ্য চৰকাৰে এই কাৰ্যসূচীসমূহৰ জৰিয়তে ৰাভা সমাজৰ ঐতিহ্য আৰু পৰিচয় প্ৰতিষ্ঠাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে। এই অনুষ্ঠানত জনজাতি পৰিক্ৰমা মন্ত্ৰী ড০ ৰণোজ পেগু, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহল আৰু ৰাভা হাচং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা উপস্থিত থাকে।
Assamese | January 3, 2025 8:13 PM | CM Himanta Biswa Sarma
ৰাভা হাচং স্বায়ত্ব শাসিত পৰিষদৰ সচিবালয় ভৱন উদ্বোধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ