ৰাজ্য চৰকাৰে কালি এখন অধিসূচনা যোগে শীর্ষ প্রশাসনীয় পৰ্যায়ত পদৰ সালসলনি ঘটাইছে। এই অনুসৰি মুখ্য সচিব ড০ ৰবি কোটাক বাণিজ্য উদ্যোগ, ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ অতিৰিক্ত দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে। অতিৰিক্ত মুখ্য সচিব বি কল্যাণ চক্ৰৱৰ্ত্তীক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অতিৰিক্ত মুখ্য সচিব হিচাপে বদলি কৰা হৈছে। তেওঁ পূৰ্বৰ দৰে দক্ষতা, নিয়োগ, উদ্যমিতা, সাংস্কৃতিক পৰিক্ৰমা, ৰূপান্তৰ আৰু উন্নয়ন বিভাগ তথা চতুৰ্থবৰ্গৰ ৰাজ্যিক নিযুক্তি আয়োগৰ অধ্যক্ষৰ দায়িত্বত থাকিব। একেদৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অতিৰিক্ত মুখ্য সচিব জে বি এক্কাক উদ্যোগ আৰু বাণিজ্য বিভাগলৈ বদলি কৰা হৈছে। লাচিত বৰফুকন পুলিচ একাডেমীৰ সঞ্চালক দিগন্ত বৰাক গৃহ আৰু ৰাজনৈতিক বিভাগৰ আয়ুক্ত সচিব পদত নিযুক্তি দিয়া হৈছে। দিগন্ত বৰা পৰ্যটন বিভাগৰ আয়ুক্ত সচিবৰ দায়িত্বতো থাকিব। ৰাজ্য চৰকাৰে আন এটা অধিসূচনা যোগে দৈনিক জনমভূমি কাকতৰ প্রাক্তন সম্পাদক, জ্যেষ্ঠ সাংবাদিক উৎপল বৰুৱাক অসম চৰকাৰে ৰাজ্যিক তথ্য আয়ুক্ত হিচাপে নিযুক্তি দিছে। প্রাক্তন আৰক্ষী সঞ্চালক প্রধান ভাস্কৰজ্যোতি মহন্ত মুখ্য তথ্য আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা তথ্য আয়োগত ৰাজ্যিক তথ্য আয়ুক্তৰ এটা পদ খালী হৈ আছিল।
Assamese | June 15, 2025 12:23 PM | Assam Govt. Administrative
ৰাজ্য চৰকাৰৰ প্রশাসনীয় পৰ্যায়ত শীৰ্ষ পদৰ সালসলনি