ৰাজ্য চৰকাৰৰ কৰ্মচাৰী সকলক ৩ শতাংশ মৰগীয়া বানচ প্রদান সন্দৰ্ভত আজি আনুষ্ঠানিক নির্দেশনা জাৰি কৰা হৈছে। ৰাজ্য চৰকাৰৰ সচিবে আজি এই সন্দৰ্ভত নির্দেশনা জাৰি কৰে। উল্লেখযোগ্য যে যোৱা ২৭ অক্টোবৰত অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ বৈঠকত ৰাজ্য চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ মৰগীয়া বানচ ৩ শতাংশ বৃদ্ধিৰ প্ৰস্তাৱত অনুমোদন জনোৱা হৈছিল। এই সিদ্ধান্ত চলিত বছৰৰ ১ জুলাইৰ পৰা প্ৰযোজ্য হ’ব। অৱশ্যে কৰ্মচাৰীসকলে পহিলা ডিচেম্বৰৰ পৰা বৰ্ধিত হাৰত মৰগীয়া বানচ লাভ কৰিব আৰু বাকী ৪ মাহৰ বাবে কৰ্মচাৰীসকলক ৪ টা কিস্তিত বকেয়া প্রদান কৰা হ’ব। ৰাজ্য চৰকাৰে এই বৃদ্ধিৰ বাবে বছৰি অতিৰিক্ত ৮ কোটি ৫০ লাখ টকা ব্যয় কৰিব।
Assamese | November 4, 2024 7:18 PM | Assam | Assam Govt
ৰাজ্য চৰকাৰৰ কৰ্মচাৰী সকলক ৩ শতাংশ মৰগীয়া বানচ প্রদান সন্দৰ্ভত আনুষ্ঠানিক নির্দেশনা জাৰি