চোৰাংচোৱা সংস্থাৰ বিষয়া অংকিত শৰ্মাক হত্যা কৰাৰ অভিযোগত আপৰ প্ৰাক্তন কাউন্সিলাৰ তাহিৰ হুছেইনক গ্ৰেপ্তাৰ

২০২০ চনৰ উত্তৰ-পূব দিল্লীত সংঘটিত হিংসাৰ সময়ত চোৰাংচোৱা সংস্থাৰ বিষয়া অংকিত শৰ্মাক হত্যা কৰাৰ অভিযোগত আম আদমী পার্টিৰ প্ৰাক্তন কাউন্সিলাৰ তাহিৰ হুছেইন আৰু আন চাৰিজনক দিল্লীৰ এখন আদালতে দোষী সাৱস্ত্য কৰিছে। অতিৰিক্ত চেচন ন্যায়াধীশ প্রবীণ সিঙে হুছেইনকে ধৰি মুঠ ১১ জন অভিযুক্তৰ বিৰুদ্ধে গোচৰৰ শুনানি গ্রহণ কৰাৰ পৰৱৰ্তী সময়ত ইয়াৰে পাঁচজনক দোষী সাব্যস্ত কৰে। শত্রুতা, হিংসা ৰ প্ৰচাৰ তথা আক্ৰমণ আৰু হত্যাৰ অভিযোগত আদালতে তাহিৰ হুছেইনক দোষী সাব্যস্ত কৰে। এই গোচৰটো সন্দৰ্ভত দয়ালপুৰ থানাত অংকিতৰ পিতৃ ৰবিন্দৰ কুমাৰৰ অভিযোগ দাখিল কৰিছিল। গোচৰতো সংক্ৰান্তত হুছেইনৰ নাম ওলোৱাৰ পিছতে আম আদমী পার্টিয়ে হুছেইনক নিলম্বন কৰিছিল। ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত সংঘটিত এই হিংসাত্মক ঘটনাত ৫৩ জন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো আহত হোৱাৰ লগতে কোটি কোটি মূল্যৰ সা- সম্পত্তিৰ বিনষ্ট হয়। এই ঘটনাত জড়িতৰ অভিযোগত ২০২৩ চনৰ মাৰ্চ মাহত দিল্লীৰ আদালতে হুছেইন আৰু আন ১০ জনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল।