মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অনুসৰি ৰাজ্যৰ মুখ্য সচিব ড০ ৰবি কোটাৰ অধ্যক্ষতাত কালি আয়ুক্ত আৰু অন্যান্য অংশীদাৰসকলৰ সৈতে কল্যাণমুখী পদক্ষেপসমূহৰ অগ্ৰগতি পর্যালোচনা কৰিবলৈ মাহেকীয়া পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত জিলাসমূহত গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতি সন্দৰ্ভত পৰ্যালোচনা কৰা হয়। তদুপৰি এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ আয়োজনৰ সন্দৰ্ভতো বৈঠকত আলোচনা কৰা হয়। এই বৈঠকত প্ৰস্তুতি আৰু কৌশলগত পৰিকল্পনা আলোচনাৰ অধীনত আয়ুক্তসকলক স্থানীয় বাণিজ্যিক সংস্থাৰ সৈতে সম্পৰ্ক স্থাপন কৰিবলৈ নিৰ্দেশ দিয়া হয়। তদুপৰি বৈঠকত স্বচ্ছতা অভিযান, প্রধানমন্ত্রী আদৰ্শ গাঁও যোজনা আৰু জিলাসমূহৰ পৰা ব্যৱহাৰৰ প্ৰমাণ পত্ৰ দাখিলৰ স্থিতি, সেৱা সেঁতু এপৰ বৰ্তমানৰ স্থিতি, অমিমাংসিত সেৱা আবেদনসমহু, নিষ্পত্তিৰ হাৰ আৰু অভিযোগ নিষ্পত্তিৰ পৰ্যালোচনা কৰা হয়।
Assamese | January 21, 2025 11:56 AM | Assam Monthly Meeting
ৰাজ্যৰ মুখ্য সচিব ড০ ৰবি কোটাৰ অধ্যক্ষতাত মাহেকীয়া পর্যালোচনা বৈঠক