জীৱনৰ সুন্দৰ আৰম্ভণিৰ বাবে মাতৃ দুগ্ধপানঃ কাৰ্যকৰী পদক্ষেপসমূক অধিক শক্তিশালী কৰো আহকএই বিষয়বস্তুৰে আজিৰে পৰা বিশ্ব মাতৃ দুগ্ধপান সপ্তাহ পালন কৰা হৈছে। বিশ্ব মাতৃ দুগ্ধপান সপ্তাহ প্ৰতিবছৰে ১ আগষ্টৰ পৰা ৭ আগষ্টলৈ পালন কৰা হয়।
এই সপ্তাহ পালনৰ উদ্দেশ্য হৈছে মাতৃ দুগ্ধৰ উপকাৰিতাৰ বিষয়ে সমাজত সজাগতাৰ সৃষ্টি কৰা, মাতৃসকলক এই সংক্ৰান্তত উপযুক্ত পৰামৰ্শ আৰু সহযোগিতা আগবঢ়োৱাৰ লগতে প্ৰতিটো শিশুৰ বাবে জীৱনৰ আৰম্ভণিৰ পৰাই সঠিক পুষ্টি লাভ কৰাটো নিশ্চিত কৰা।
ৰাজ্যৰ বিভিন্ন স্থানত আজি বিশ্ব মাতৃ দুগ্ধপান সপ্তাহৰ শুভাৰম্ভণি কৰা হয়। কামৰূপ মহানগৰ জিলাত আজি বিশ্ব মাতৃ দুগ্ধপান সপ্তাহ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। কামৰূপ মহানগৰ জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ সঞ্জীৱ কুমাৰ শইকীয়াই সাতগাঁও ৰাজ্যিক আয়ুষ্মান আৰোগ্য মন্দিৰত সপ্তাহজোৰা কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে।
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, পশ্চিম কাৰ্বি আংলঙৰ উদ্যোগত আজি মেঘালয়ৰ সীমান্তৱৰ্তী দুৰ্গম লাংহেম্পি নিয়মীয়া ছিটাকৰণ কেন্দ্ৰত বিশ্ব মাতৃ দুগ্ধপান সপ্তাহ পালন কৰা হৈছে। এই উপলক্ষে আয়োজিত সজাগতা অনুষ্ঠানত লাংহেম্পি আৰু তাহপাত অঞ্চলৰ গৰ্ভৱতী মহিলা, দুগ্ধপান কৰাই থকা মাতৃ আৰু শিশুসহ ২০ জনতকৈও অধিক লোক উপস্থিত থাকে। স্বাস্থ্য সজাগতাৰ লগতে অনুষ্ঠানটোৰ অংশ হিচাপে ব্যৱহাৰিক ডিজিটেল অভিযানৰো আয়োজন কৰা হয়।
গোলাঘাট জিলা স্বাস্থ্য সমিতিৰ অধীনত থকা ৫ টা খণ্ডৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত সকলো স্বাস্থ্য কেন্দ্ৰত সজাগতামূলক কাৰ্যসূচীৰে বিশ্ব মাতৃ দুগ্ধপান সপ্তাহ আৰম্ভ হৈছে। উদ্বোধনী কাৰ্যসূচীৰ অংশ হিচাপে আজি শালমৰা চাহ-বাগিচাত চাৰিঙীয়া স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত সজাগতা কার্যসূচী অনুষ্ঠিত হয়।