ৰাজ্যৰ বিভিন্ন ঠাইত শৰৎ পূর্ণিমা উপলক্ষে ৰাসৰ আয়োজন কৰা হৈছে। মাজুলীৰ বিভিন্ন সত্ৰ আৰু নামঘৰসমূহত ভক্তিপ্ৰাণ বৈষ্ণৱ সমাজে শ্ৰীকৃষ্ণৰ শিশুলীলা আৰু ৰাসলীলাৰ আখৰা অব্যাহত ৰাখিছে। জিলাখনত সৰ্বমুঠ ৬৫ খন ৰাস প্ৰদৰ্শনৰ আয়োজন কৰা হৈছে।
ইফালে, নুমলীগড়ৰ পাৰ্শ্বৱৰ্তী তেলগৰমত তিনিদিনীয়া কাৰ্যসূচীৰে ৰাসলীলাৰ আয়োজন কৰা হৈছে । প্রথমদিনা শিশু শিল্পীৰ দ্বাৰা অভিনীত যুৱৰাজ কংস, দ্বিতীয় দিনা মহিলা শিল্পীৰ দ্বাৰা মহাৰাজ কংস আৰু অন্তিমদিনা কংস বধ ৰাস নাটৰ প্ৰদৰ্শন কৰা হ’ব। ইফালে, নামনি অসমতো পলাশবাৰী, মির্জা, ৰামপুৰ, ছয়গাঁও, নলবাৰী, টিহু, মাখিবাহা, শুৱালকুছি ইত্যাদি ঠাইত পুতলা ৰাসৰ আয়োজন কৰা হৈছে।
Assamese | November 2, 2024 7:18 PM | AIR GUWAHATI | Krishna Raas Assam
ৰাজ্যৰ বিভিন্ন ঠাইত শৰৎ পূর্ণিমা উপলক্ষে ৰাসৰ আয়োজন