ৰাজ্যৰ বিভিন্ন ঠাইত আজি একাদশ ৰাষ্ট্রীয় আয়ুর্বেদ দিৱস পালন কৰা হয়। পাঁচ হাজাৰ বছৰ পুৰণি আয়ুর্বেদ চিকিৎসা ব্যবস্থাক ভাৰতে প্ৰমাণ আধাৰিত বৈজ্ঞানিক গৱেষণাৰ জৰিয়তে দৈনন্দিন তথা আধুনিক স্বাস্থ্য সেৱাৰ অংশ হিচাপে গঢ়ি তুলিছে। আয়ুর্বেদ দিবস উদযাপনৰ লক্ষ্য হৈছে স্বাস্থ্য খণ্ডৰ গোলকীয় পর্যায়ত প্ৰসাৰ, ৰাষ্ট্ৰীয় স্বাস্থ্য নীতি আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য কাৰ্যসূচী গঢ়ি তোলাত সহায় হোৱাকৈ আয়ুৰ্বেদৰ সম্ভাৱনীয়তাৰ অন্বেষণ, আয়ুৰ্বেদৰ অনন্য শক্তিক চিনাক্ত কৰা তথা উদ্ভিদ, প্রাণী আৰু পৰিবেশৰ লগতে মানৱৰ স্বাস্থ্য সুৰক্ষা আদি বিভিন্ন দিশত আলোকপাত কৰে। এইবাৰ এই দিৱসৰ বিষয়বস্তু হৈছে স্বাস্থ্যবান কাইলৈৰ বাবে আয়ুর্বেদ।
বজালী জিলাত আজি ৰাষ্ট্ৰীয় আয়ুর্বেদ দিবস উপলক্ষে নিলীমা ৰয় মাধ্যমিক বিদ্যালয়ত আয়ুর্বেদিক চিকিৎসা, ৰোগ প্ৰতিৰোধ আৰু সুস্থ জীৱনশৈলীৰ ওপৰত এখন সজাগতামূলক সভা অনুষ্ঠিত হয়। সভাত জিলা নডেল বিষয়া তথা আয়ুর্বেদিক চিকিৎসক ডাঃ হৃদয় পাঠক, ডাঃ উপমা দত্ত আৰু ডাঃ নিলাক্ষী দাসে আয়ুর্বেদিক চিকিৎসাৰ গুৰুত্ব আৰু স্বাস্থ্যকৰ জীৱনশৈলী সন্দৰ্ভত বক্তব্য আগবঢ়ায়। সভাত সুষম খাদ্যাভাস, নিয়মীয়া শাৰিৰীক পৰিশ্ৰম, ৰোগ প্ৰতিৰোধ আৰু স্বাস্থ্য সচেতনতাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হয়।