দেশজুৰি চলি থকা সেৱা সংকল্প অভিযানৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন ঠাইত অংগন মিলন সেৱা শীৰ্ষক বিশেষ পৰিপুষ্টি কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। বৰপেটা জিলাৰ ৯টা শিশু উন্নয়ন সেৱা প্ৰকল্পৰ অধীনৰ দুহেজাৰ ১৯৫টা অংগনৱাড়ী কেন্দ্ৰত আজি অংগন মিলন সেৱা অনুষ্ঠিত হয়। শিশু, গৰ্ভৱতী মহিলা আৰু প্ৰসূতি মাতৃসকলৰ পুষ্টি, স্বাস্থ্য, যতন আৰু সামগ্রিক কল্যাণৰ ক্ষেত্ৰত অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলে আগবঢ়াই অহা সেৱাৰ স্বীকৃতি তথা তেওঁলোকক উৎসাহ যোগোৱাৰ বাবে এই কাৰ্যসূচীৰ আয়োজন কৰা হয়। এই উপলক্ষে জিলাখনৰ দুহেজাৰ ১৪৫ গৰাকী অংগনৱাড়ী কৰ্মী আৰু এহেজাৰ ৯৭৯ গৰাকী সহায়িকাক এহেজাৰ টকাৰ চেক আৰু প্ৰশংসা পত্ৰ প্ৰদান কৰা হয়। এই কাৰ্যসূচীত বৰপেটা জিলা আয়ুক্ত, বিধায়ক, পঞ্চায়তৰ সভাপতিকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ফেকামাৰী, মানকাচৰ আৰু দক্ষিণ শালমাৰা সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনৰ ৫৪৯টা অংগনৱাড়ী কেন্দ্ৰত অংগন মিলন সেৱা অনুষ্ঠিত হয়। কাৰ্যসূচীৰ অংশ হিচাপে পুষ্টিকৰ খাদ্য প্ৰদৰ্শন, ৰেচিপি প্ৰতিযোগিতা আদি অনুষ্ঠিত হয়।
ইপিনে নৱম ৰাষ্ট্ৰীয় পোষণ মাহৰ সৈতে সংগতি ৰাখি ডিব্ৰুগড় জিলা সমাজ কল্যাণ বিভাগ আৰু জিলা প্ৰশাসনৰ উদ্যোগত আজি আয়োজন কৰা কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্রহণ কৰে। শ্ৰীসোণোৱালে কয়, যে শিশুৰ সুস্বাস্থ্য, মাতৃৰ পুষ্টি আৰু শিশুৰ সৰ্বাংগীন বিকাশ নিশ্চিত কৰাটো সকলোৰে সামূহিক দায়িত্ব। অংগনৱাড়ী কেন্দ্ৰসমূহে এইক্ষেত্ৰত পালন কৰি অহা গুৰুত্বপূৰ্ণ ভূমিকাৰ প্ৰশংসা কৰি তেওঁ অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলৰ নিষ্ঠা আৰু সেৱাৰ মনোভাৱৰ শলাগ লয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে অংগনৱাড়ী কৰ্মীসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ অভিজ্ঞতা আৰু কাম-কাজৰ অগ্ৰগতিৰো বুজ লয়। শ্ৰীসোণোৱালে সুস্বাস্থ্যৰ গুৰুত্বত আলোকপাত কৰি এইক্ষেত্ৰত পোষণ মাহৰ ভূমিকাৰ বিষয়ে উল্লেখ কৰে ।
উল্লেখযোগ্য যে তিনিটা পর্যায়ত অনুষ্ঠিত অংগন মিলন সেৱা কাৰ্যসূচীৰ অধীনত শিশুক পুষ্টিকৰ আহাৰ পৰিৱেশন, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ বিষয়ে সজাগতা সৃষ্টি তথা শিশু, গৰ্ভৱতী মহিলা আৰু প্ৰসূতি মাতৃৰ স্বাস্থ্য সম্পৰ্কীয় সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হৈছে। কাৰ্যসূচীৰ দ্বিতীয় পৰ্যায় আজি আৰম্ভ হৈছে। প্ৰথম পৰ্যায়ত কামৰূপ মহানগৰ, নলবাৰী, দৰং, গোৱালপাৰা, তামুলপুৰ আৰু হোজাইত সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয়। অহা ১১ অক্টোবৰত তৃতীয় পর্যায় অনুষ্ঠিত হ’ব।