October 4, 2026 7:00 PM
24
ৰাজ্যৰ বিভিন্ন ঠাইত অংগন মিলন সেৱা শীৰ্ষক বিশেষ পৰিপুষ্টি কাৰ্যসূচী ৰূপায়ণ
দেশজুৰি চলি থকা সেৱা সংকল্প অভিযানৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন ঠাইত অংগন মিলন সেৱা শীৰ্ষক বিশেষ পৰিপুষ্টি কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। বৰপেটা জিলাৰ ৯টা শিশু উন্নয়ন সেৱা প্ৰকল্পৰ অধীনৰ দুহেজাৰ ১৯৫টা অংগনৱাড়ী কেন্দ্ৰত আজি অংগন মিলন সেৱা অনুষ্ঠিত হয়। শিশু, গৰ্ভৱতী মহিলা আৰু প্ৰসূতি মাতৃসকলৰ পুষ্টি, স্বাস্থ্য, যতন আৰু সামগ্রিক কল্যাণৰ ক্ষেত্ৰত অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলে আগবঢ়াই অহা সেৱাৰ স্বীকৃতি তথা তেওঁলোকক উৎসাহ যোগোৱাৰ বাবে এই কাৰ্যসূচীৰ আয়োজন কৰা হয়। এই উপলক্ষে জিলাখনৰ দুহেজাৰ ১৪৫ গৰাক...