ৰাষ্ট্ৰীয় টীকাকৰণ দিৱসৰ লগত সংগতি ৰাখি অহা ২৮ ৰ পৰা ৩০ জুনলৈ বৰপেটা জিলা স্বাস্থ্য বিভাগে টীকাকৰণৰ ব্যাপক কাৰ্যসূচী গ্ৰহণ কৰিছে। আজি বৰপেটাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ত অয়োজিত এখন সংবাদমেলত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ ভূপেন বৰাই কয়, যে এই অভিযানৰ অধীনত জিলাখনৰ ৫ বছৰ বয়সৰ তলৰ দুই লাখ ৭৯ হাজাৰ ৫৬০ টা শিশুক সামৰি লোৱা হ’ব। তেওঁ লগতে কয়, যে এই অভিযান সফলভাবে ৰূপায়ণ কৰিবলৈ মুঠ এহেজাৰ ২২৫টা পলিা বুথ স্থাপন কৰা হৈছে। এই অভিযান সফল কৰি তুলিবলৈ চাৰি হাজাৰ ৭৩১ গৰাকী স্বাস্থ্য কর্মী আৰু স্বেচ্ছাসেৱক নিয়োগ কৰাৰ লগতে ২৭০ গৰাকী পর্যবেক্ষক নিয়োগ কৰা হ’ব।
শোণিতপুৰ জিলাতো এই দিৱস উপলক্ষে পাচ্ছ পলিঅ কাৰ্যসূচী ৰূপায়ণৰ ব্যাপক প্রস্তুতি চলোৱা হৈছে। এই সন্দর্ভত আজি শোণিতপুৰ জিলাৰ স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালকৰ কার্লায়ত অতিৰিক্ত জিলা আযুক্ত কুলদীপ হাজৰিকাৰ সভাপতিত্বত জিলা পৰ্যায়ৰ টাস্ক ফাৰ্চৰ দ্বিতীয়খন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত জিলা প্রতিশেধক বিষয়া ডাঃ টুটুমণি সন্দিকৈকে ধৰি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়ববীয়াসকল আৰু বিভিন্ন খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসা বিষয়াসকল উপস্থিত থাকি অভিযানৰ প্ৰস্তুতিৰ বিস্তৃত পর্যালোচনা কৰে। উল্লেখযোগ্য যে এইবাৰ জিলাখনত মুঠ এক লাখ ৪৯ হাজাৰ ৪৫ গৰাকী শিশুক পলিঅ’ৰ প্ৰতিষেধক প্ৰদান কৰাৰ লক্ষ্য লোৱা হৈছে।
যোৰহাট জিলা প্রশাসন আৰু জিলা স্বাস্থ্য বিভাগে ৰাষ্ট্রীয় প্রতিশেধক দিবস উপলক্ষে জিলাখনৰ শিশুসকলক পলিঅ’ প্রতিষেধক কেন্দ্রলৈ আনি দুটোপাল পালিা’ ভেকচিন খুৱাবলৈ পিতৃ-মাতৃ তথা অভিভাৱকসকলক আহ্বান জনাইছে।