কোকৰাঝাৰ নগৰৰ প্ৰগতি ভৱনত আজি ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী ৰূপনাথ ব্ৰহ্মৰ ৫৮ সংখ্যক মৃত্যু বার্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। ৰূপনাথ ব্ৰহ্ম স্মাৰক সমিতি আৰু কোকৰাঝাৰ বুনিয়াদী বড়ো সাহিত্য সভাৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত প্রয়াত ব্ৰহ্মৰ প্ৰতিমূৰ্তিত পুষ্পার্ঘ্য্য তৰ্পন কৰাৰ লগতে এটা স্মাৰক বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত বড়ো জনগোষ্ঠীয় সংগঠনৰ ভালেসংখ্যক প্ৰতিনিধি আৰু স্থানীয় লোকসকলে অংশগ্রহণ কৰে। উল্লেখযোগ্য যে ১৯০২ চনৰ ১৫ জুনত কোকৰাঝাৰত জন্মগ্ৰহণ কৰা প্রয়াত ব্রহ্ম বড়ো জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা ৰাজ্যখনৰ প্ৰথমগৰাকী মন্ত্ৰী আছিল। তেওঁ লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নেতৃত্বাধীন মন্ত্ৰীসভাত ১৯৩৮ চনত বন আৰু পঞ্জীয়ন মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৬৭ চনত তেওঁ কোকৰাঝাৰৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছিল। ১৯৬৮ চনৰ আজিৰ দিনটোত দেহাৱসান ঘটা ব্ৰহ্মই সামাজিক, সাংস্কৃতিক তথা সাহিত্য ক্ষেত্ৰলৈ অনবদ্য বৰঙণি আগবঢ়াই গৈছে।
Assamese | January 23, 2025 8:09 PM | Roopnath Brahma Anniversary
ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী ৰূপনাথ ব্ৰহ্মৰ ৫৮ সংখ্যক মৃত্যু বার্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি