ৰাজ্যৰ কৰ্কট চিকিৎসা আৰু চিকিৎসালয়সমূহৰ সেৱাৰ অগ্রগতি সম্পর্কে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ পর্যালোচনা

অসম আৰু উত্তৰ পূৰ্বাঞ্চলত সুলভ তথা সহজলভ্য আৰু মানসম্পন্ন কর্কট চিকিৎসা সুনিশ্চিত কৰাৰ প্রতিশ্রুতি দোহাৰি আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এখন পর্যালোচনা বৈঠকত অধ্যক্ষতা কৰে।

লোকসেৱা ভৱনত অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচনৰ পৰিচালনা সমিতিৰ সভাত ভাগ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে সমগ্ৰ ৰাজ্যৰ কৰ্কট চিকিৎসা আৰু চিকিৎসালয়সমূহৰ সেৱাৰ অগ্রগতি সম্পর্কে পর্যালোচনা কৰে।

সভাত নার্চিং শিক্ষা, দক্ষতা বিকাশ আৰু সামুহিক সজাগতা কাৰ্যসূচীৰ অগ্রগতি সম্পর্কেও আলোচনা কৰা হয়। কর্কট চিকিৎসাৰ আন্তঃগাঁথনি আৰু চিকিৎসা পদ্ধতিৰ উৎকর্ষ সাধন সম্পর্কে মুখ্যমন্ত্রীয়ে আলোচনা কৰাৰ লগতে স্বাস্থ্য সেৱা খণ্ডৰ কৰ্মীসকলক অধিক সেৱা আগবঢ়োৱা আৰু ৰোগী সেৱাৰ মান উন্নীতকৰণত গুৰুত্ব আৰোপ কৰে। জিলা পৰ্যায়ত ধপাতজনিত কর্কট ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত সচেতনতা বৃদ্ধিৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰা হয়।