কৃষি আন্তঃগাঁথনি পুঁজিৰ অধীনত ৰাজ্যত কৃষক বা কৃষি উদ্যমীয়ে আদায় দিবলগীয়া ধনৰ ক্ষেত্ৰত প্ৰদান কৰা ৰাজ্যিক বিত্তীয় সাহায্য সম্পর্কীয় নির্দেশনাৱলী আৰু ইয়াৰ আনুসংগিক বিত্তীয় ব্যৱস্থাত কালি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা কেবিনেটে অনুমোদন জনায়। সেইমর্মে এফ পি অ’ অর্থাৎ কৃষক উৎপাদক সংগঠক, এফ পি চি অর্থাৎ কৃষক উৎপাদক কোম্পানী, পি এ চি এছ অর্থাৎ প্রাথমিক কৃষি ঋণ সমিতি আৰু সমবায় সমিতিসমূহৰ বাবে বাধ্যতামূলক ১০ শতাংশ প্রমোটাৰৰ অংশীদাৰী মূলধনৰ সম্পূৰ্ণ পৰিমাণ ৰাজ্য চৰকাৰে বহন কৰিব। আনহাতে, ব্যক্তিগত হিতাধিকাৰীৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে ৫ শতাংশ বহন কৰিব আৰু হিতাধিকাৰীয়ে অৱশিষ্ট ৫ শতাংশ বহন কৰিব।
কালিৰ কেবিনেট বৈঠকে ১ ছেপ্তেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ অতিৰিক্ত ১৬৬ গৰাকী মাষ্টাৰ ৰোল, কেজুৱেল আৰু ফিক্স পে কৰ্মচাৰীক দৰমহাৰ স্কেলৰ ন্যূনতম হাৰ প্ৰদানতো অনুমোদন জনায়।