ছেমি কণ্ডাক্টৰৰ পৰা ষ্টার্টআপ অর্থনীতিলৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে। ব্যৱসায় অনুকুল সংস্কাৰ একক খিৰিকি অনুমোদন ব্যবস্থা আৰু মুখ্যমন্ত্রী ড° শৰ্মাৰ নেতৃত্বই অসমৰ এই পৰিৱৰ্তন ত্বৰান্বিত কৰিছে। ৰাজ্যৰ উদ্যোগ আৰু বিনিয়োগৰ বাবে অনুকুল পৰিৱেশ সৃষ্টি কৰাটো মুখ্যমন্ত্রী ড° শৰ্মাৰ বিকশিত অসম নিৰ্মাণৰ সপোন বাস্তৱায়িত কৰাৰ দিশত এক দৃঢ় পদক্ষেপ। মুম্বাইৰ দা তাজ পেলেচত অনুষ্ঠিত এছ বি আইৰ বেংকিং এণ্ড ইক’নমিক কনক্লেভত অংশগ্ৰহণ কৰি ৰাজ্যৰ বিত্তমন্ত্রী জয়ন্ত মল্লবৰুৱাই অসমৰ উদ্যোগীকৰণৰ লগতে অন্যান্য ক্ষেত্রত মুখ্যমন্ত্রী শৰ্মাৰ নেতৃত্বত হোৱা পৰিৱৰ্তনৰ প্ৰসংগত এনেদৰে মন্তব্য কৰে।
ৰাজ্যখনৰ বিত্তমন্ত্ৰীগৰাকীয়ে যুক্তৰাষ্ট্ৰীয় বিত্তীয় পথৰ সমন্বয় সাধনৰ ক্ষেত্ৰত মূল ভেঁটি হিচাপে ৰাজ্যসমূহৰ অৱদান শীর্ষক আলোচনাসত্ৰত ভাগ লৈ ৰাজ্যখনৰ এম এছ এম ই, পৰিবহণকাৰী, সঁজুলি নির্মাতা আৰু সেবা প্রদানকাৰীসকলক সাঙুৰি বৃহত্তৰ ঔদ্যোগিক পৰিৱেশতন্ত্ৰৰ বিত্তীয় সাহায্যৰ বাবে বেংকসমূহক অধিক সক্রিয়ভাবে অংশগ্রহণ কৰিবলৈ আহ্বান জনায়।