September 25, 2026 11:20 AM | Seva Innovation

printer

বাংগালুৰুত প্ৰথমটো সেৱা উদ্ভাৱনী প্রত্যাহ্বান কার্য্যসূচী মুকলি

কেন্দ্রীয় শিক্ষামন্ত্রী প্রহ্লাদ যোশীয়ে আজি বাংগালুৰুত প্ৰথমটো সেৱা উদ্ভাৱনী প্রত্যাহ্বান কার্য্যসূচী মুকলি কৰিব। শিক্ষা মন্ত্র্যালয়ে কৈছে যে এই পদক্ষেপে যুৱক-যুৱতীসকলক তেওঁলোকৰ ওচৰ-পাজৰৰ সমস্যাসমূহ চিনাক্ত কৰাৰ লগতে এই সমস্যাসমূহৰ সমাধান বিকশাই তোলাৰ বাবে উৎসাহিত কৰিব। সমস্যাৰ সমাধান সমূহ পৰীক্ষা কৰাৰ লগতে উন্নত কৰি ফলপ্রসূভাবে ৰূপায়ন কৰিব পৰা যাব। এই প্রত্যাহ্বানে বিদ্যালয়, উদ্যোগিক প্রশিক্ষণ প্রতিষ্ঠান, পলিটেকনিক মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ছাত্র-ছাত্রীসকলক একগোট কৰিব। উল্লেখযোগ্য যে, এই প্রত্যাহ্বানে স্বচ্ছ আৰু বহনক্ষম ভাৰত, সমৃদ্ধ ভাৰত, স্বাস্থ্যবান আৰু সৰ্বাত্মক ভাৰত, শিক্ষিত-দক্ষ ভাৰত তথা সুৰক্ষিত ভাৰত এই পাঁচটা ৰাষ্ট্ৰীয় বিষয় বস্তুৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। অহা ডিচেম্বৰত চূড়ান্ত পৰ্য্যায়ৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। কেন্দ্রীয় শিক্ষামন্ত্ৰ্যালয়, অখিল ভাৰতীয় প্রযুক্তি শিক্ষা পৰিষদ, বিশ্ববিদ্যালয় অনুদান আয়োগে যুটীয়াভাবে এই প্রতিযোগিতাৰ আয়োজন কৰিছে।