August 13, 2026 8:27 PM | I Day Preparation

printer

ৰাজ্যত সমাগত স্বাধীনতা দিৱস উদযাপনৰ বাবে বিশেষ প্রস্তুতি

কোকৰাঝাৰ জিলাত আজি জিলা প্ৰশাসনৰ উদ্যোগত সমাগত স্বাধীনতা দিৱস উদযাপনৰ বাবে বিশেষ প্রস্তুতি চলোৱা হয়। অহা ১৫ আগষ্টত হ’বলগীয়া পেৰেডৰ বাবে আৰক্ষী, ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনী আৰু বিভিন্ন শৈক্ষিক প্রতিষ্ঠানৰ শিক্ষার্থীসকলে চূড়ান্ত অনুশীলন কৰে। কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰত এই অনুশীলন চলোৱা হয়।

ধেমাজি জিলাতো জিলা প্রশাসনে সমাগত স্বাধীনতা দিৱস উদযাপনৰ বাবে ব্যাহক প্রস্তুতি চলাই আছে। ইতিমধ্যে যোৱা ৮ আগষ্টৰ পৰা জিলাখনৰ কাছাৰী মৈদাম খেলপথাৰত স্বাধীনতা দিৱসৰ কুচ-কাৱাজৰ অনুশীলন চলি আছে।

শিৱসাগৰ জিলাতো সমাগত স্বাধীনতা দিবসক লৈ ব্যাপক প্রস্তুতি চলি আছে। এই দিৱসৰ অংশহিচাপে আজি জিলা প্রশাসন আৰু শিৱসাগৰ আৰক্ষীয়ে যৌথভাবে মটৰ চাইকেল সমদলৰ আয়োজন কৰে।

বাংলাদেশ সীমান্তবর্তী দক্ষিণ শালমৰা মানকাচৰ জিলাত ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি পূর্ণগতিত চলি আছে। যোৱা ৮ আগষ্টৰ পৰা অসম আৰক্ষী, বেটেলিয়ন, গৃহৰক্ষী বাহিনী, ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনী আৰু বিভিন্ন বিদ্যালয়, মহাবিদ্যালয় মুঠ ১৫টা দলে চলোৱা পেৰেড অনুশীলনৰ আজি সামৰণি পৰে। উল্লেখযোগ্য যে, জিলা প্রশাসনৰ উদ্যোগত অহা ১৫ আগষ্টত খাৰুৱাবান্ধা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত দিনজোৰা কাৰ্যসূচীৰে স্বাধীনতা দিৱস উদযাপন কৰা হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।