ৰাজ্যত মুগাৰ উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে ৰেচম হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে কালি উজনি অসমৰ কেইবাখনো মুগা পাম পৰিদৰ্শন কৰে। ৰাজ্য চৰকাৰৰ হস্ততাঁত, বস্ত্ৰ, ৰেচম আৰু দক্ষতা বিকাশ বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে ধেমাজি জিলাৰ গোগামুখত থকা ৰেচম পাম পৰিদৰ্শন কৰি পামখনৰ বিষয়া-কৰ্মচাৰীসকলৰ সৈতে আন্তঃগাঁথনি উন্নয়নৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে ৰেচম উৎপাদক আৰু কৃষকসকলৰ সৈতেও ৰেচম উৎপাদন বৃদ্ধি, নতুন প্রযুক্তিৰ ব্যৱহাৰ আৰু পামখনৰ আধুনিকীকৰণৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰে। মন্ত্ৰীগৰাকীয়ে লগতে মিছিং স্বায়তত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙিয়া, অধ্যক্ষ সুনিল কুমাৰ পেগুৰ উপস্থিতিত পৰিষদৰ কাৰ্যবাহী সদস্য, সাধাৰণ সদস্য তথা বিষয়ববীয়াসকলৰ সৈতেও এখন বিশেষ বৈঠকত মিলিত হয়। বৈঠকত মিছিং স্বায়ত্ত শাসিত পৰিষদীয় এলেকাৰ বিভাগীয় কাম-কাজৰ অগ্ৰগতি, নতুন চিন্তা পৰিকল্পনা, সন্দৰ্ভত বিশদভাৱে পৰ্যালোচনা কৰা হয়। পাছত মন্ত্ৰী শ্ৰীদৈমাৰীয়ে গোগামুখৰ পশ্চিম বালিগাঁৱত থকা চুমনিপামত উপস্থিত হয়। তাত তেওঁ ধেমাজি জিলা ৰেচম বিভাগৰ দ্বাৰা আয়োজিত সভাত মুগা পালকসকলৰ সমস্যাৰাজি সন্দৰ্ভতো তেওঁ মত বিনিময় কৰে ।
মন্ত্ৰীগৰাকীয়ে কালি ঢকুৱাখনাত বিভাগীয় কৰ্মচাৰী আৰু মুগা খেতিয়কসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত মন্ত্ৰীগৰাকীয়ে ড’নাৰ মন্ত্ৰ্যালয়ৰ অধীনত কেন্দ্ৰীয় ৰেচম পৰিষদ আৰু অসম চৰকাৰৰ ৰেচম বিভাগে মুগাৰ উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে মিছন চেনেহজৰী নামৰ এখন বিশেষ আঁচনি গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে। তেওঁ কয়, যে ৪১১ কোটি টকাৰে ৰূপায়ণ কৰিবলগীয়া এই আঁচনিৰ অধীনত বছৰি ২ টন মুগা উৎপাদন বৃদ্ধি কৰিবলৈ লক্ষ্য স্থিৰ কৰা হৈছে। তেওঁ লগতে মুগাৰ সঁচ উৎপাদন বৃদ্ধিত সৃষ্টি হোৱা বাধাৰ কাৰণ চিনাক্ত কৰিবলৈ বিভাগীয় বিষয়াসকলক নির্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে পাছত ঢকুৱাখনাত মিছন চেনেহজৰীৰ অধীনত স্থাপন হ’বলগীয়া মুগা ৰেচম পৰ্যটন উদ্যানৰ নিৰ্মাণস্থলী পৰিদৰ্শন কৰে।
শ্ৰী দৈমাৰীয়ে নিশাৰ ভাগত বিশ্বনাথ জিলাৰ বৰগাঁঙত নির্মীয়মান এৰী সূতা কটা মিল পৰিদৰ্শন কৰে আৰু মিলটোৰ কাম-কাজৰ বুজ লয়। কাম-কাজৰ খতিয়ান লৈ মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে ৰেচম শিল্পৰ জৰিয়তে স্থানীয় যুৱক-যুৱতী নিয়োগ আৰু স্বাৱলম্বনৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে অসমৰ এৰী শিল্পক বিশ্ব দৰবাৰত সুদৃঢ়ভাৱে প্ৰতিষ্ঠা কৰাৰ বাবে চৰকাৰে লোৱা বিভিন্ন পদক্ষেপৰ বিষয়ে আলোকপাত কৰে।