September 16, 2026 11:44 AM
2
ৰাজ্যত মিছন চেনেহজৰীৰ অধীনত বছৰি ২ টন মুগা উৎপাদন বৃদ্ধি কৰাৰ লক্ষ্য
ৰাজ্যত মুগাৰ উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে ৰেচম হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে কালি উজনি অসমৰ কেইবাখনো মুগা পাম পৰিদৰ্শন কৰে। ৰাজ্য চৰকাৰৰ হস্ততাঁত, বস্ত্ৰ, ৰেচম আৰু দক্ষতা বিকাশ বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে ধেমাজি জিলাৰ গোগামুখত থকা ৰেচম পাম পৰিদৰ্শন কৰি পামখনৰ বিষয়া-কৰ্মচাৰীসকলৰ সৈতে আন্তঃগাঁথনি উন্নয়নৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে ৰেচম উৎপাদক আৰু কৃষকসকলৰ সৈতেও ৰেচম উৎপাদন বৃদ্ধি, নতুন প্রযুক্তিৰ ব্যৱহাৰ আৰু পামখনৰ আধুনিকীকৰণৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰে। মন্ত্ৰীগৰ...