বিশ্বৰ সৰ্ববৃহৎ জনগণনা প্রক্রিয়া লোকপিয়ল-২০২৭ৰ অধীনত ৰাজ্যত অহা ২ আগষ্টত দুটা পৰ্যায়ত লোকপিয়ল আৰম্ভ হ’ব। ১৭ আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া ১৫ ছেপ্তেম্বৰপর্যন্ত চলিব।
সমগ্র প্রক্রিয়াটোৰ বাবে ৮৫ হাজাৰ গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। বিষয়াসকলক জুলাইৰ মাজভাগৰ পৰা লোকপিয়লৰ প্ৰশিক্ষণ দিয়া হ’ব আৰু ৮ আগষ্টৰ ভিতৰত সমাপ্ত কৰিবলৈ প্ৰতিখন জিলাৰ জিলা আয়ুক্তলৈ লোকপিয়ল সঞ্চালকালয়ে জৰুৰী পত্ৰ প্ৰেৰণ কৰিছে।
সঞ্চালকালয়ে প্ৰশিক্ষক আৰু প্ৰশিক্ষণ সমাপ্ত কৰা লোকসকলৰ বাবে ভাগে ভাগে পাৰিতোষিক নিৰ্ধাৰণ কৰাৰ লগতে প্ৰশিক্ষণ পৰ্বৰ বাবে প্ৰয়োজনীয় নিৰ্দেশাৱলীও নিৰ্ধাৰণ কৰি দিছে। লোকপিয়ল সঞ্চালকালয়ৰ সূত্ৰই জনোৱা অনুসৰি দেশৰ অন্যান্য ৰাজ্যৰ লগতে অসমতো অহা ২ আগষ্টৰ পৰা ১৬ আগষ্ট পর্যন্ত লোকপিয়ল অভিযানৰ গণনা প্ৰক্ৰিয়া আৰম্ভ হ’ব। ইয়াৰ পাছতে ১৭ আগষ্টৰ পৰা ১৫ ছেপ্তেম্বৰ পৰ্যন্ত এই অভিযানত নিয়োজিত গণনাকাৰী বিষয়াসকলে ৰাজ্যৰ প্ৰতিটো পৰিয়ালৰ ঘৰে ঘৰে গৈ সবিশেষ তথ্য সংগ্ৰহ কৰিব।
২০২৭ চনৰ ফেব্ৰুৱাৰীত অন্তিম তথা দ্বিতীয় পৰ্যায়ত মূল লোকপিয়ল আৰম্ভ হ’ব। ইতিমধ্যে ইয়াৰ বাবে যোৱা ২৮ মে’ৰ পৰা ৬ জুন পর্যন্ত ৰাজ্যৰ প্ৰতিখন জিলাৰ জিলা পৰ্যায়ৰ বিষয়াসকলৰ প্ৰশিক্ষণ সম্পন্ন হয়।
দেশৰ ষোড়শ আৰু স্বৰাজোত্তৰ ভাৰতৰ অষ্টম লোকপিয়লত সামাজিক অৱস্থা আৰু জাতিগত গণনাকে ধৰি জনসংখ্যা আৰু গৃহ পিয়ল অন্তর্ভুক্ত হ’ব। প্ৰথম পৰ্যায়ত ঘৰৰ তালিকা প্রস্তুত কৰা হ’ব আৰু দ্বিতীয় পৰ্যায়ত জনসংখ্যাৰ গণনা কৰা হ’ব। ইয়াৰ বাবে অহা বছৰৰ পহিলা এপ্ৰিলক ভিত্তি তাৰিখ হিচাপে নিৰ্ধাৰণ কৰা হৈছে ।
দেশত এইবাৰ প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰে লোকপিয়ল হৈছে। এই প্ৰক্ৰিয়াত এণ্ড্ৰইদ আৰু আই অ’ এছত উপলভ্য মোবাইল এপৰ জৰিয়তে তথ্যসমূহ সংগ্ৰহ কৰা হৈছে। এইবাৰৰ লোকপিয়লত স্ব-গণনাৰ বিকল্পৰো ব্যৱস্থা কৰা হৈছে।
ঘৰৰ গণনাৰ সময়ত সকলো ভৱন আৰু পৰিকাঠামোৰ তালিকা প্ৰস্তুত কৰা হ’ব আৰু বাসগৃহৰ স্থিতি, সা-সুবিধা তথা সম্পদৰ তথ্য সংগ্ৰহ কৰা হ’ব। বাসগৃহসমূহৰ জিঅ’ টেগিং কৰা হ’ব আৰু প্ৰতিটো ঘৰক অনন্য পৰিচয়সূচক নম্বৰ প্ৰদান কৰা হ’ব।
এই সমগ্ৰ প্ৰক্ৰিয়াটোত ৩০ লাখৰো অধিক গণনা কৰ্মী, পৰ্যবেক্ষক আৰু অন্য বিষয়া নিয়োগ কৰা হৈছে। জনসাধাৰণে ১৬টা ভাষাত তথ্য দিব পাৰিব। কেন্দ্ৰীয় চৰকাৰে লোকপিয়ল-২০২৭ৰ বাবে ১১ হাজাৰ ৭১৮ কোটিৰো অধিক টকাত অনুমোদন দিছে।