ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ বাসভৱনত ইউক্রেইনে আক্রমণ চলোৱাৰ উত্থাপিত অভিযোগ সন্দৰ্ভত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে উদ্বিগ্নতা প্রকাশ কৰিছে। সামিজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বার্তাত শ্রীমোদীয়ে শত্রুতাৰ অৱসান ঘটাই স্থায়ী শান্তিৰ বাতাবৰণ সৃষ্টি কৰাৰ ক্ষেত্ৰত কূটনৈতিক আলোচনাৰ পথেই উৎকৃষ্ট বুলি মত প্রকাশ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কূটনৈতিক প্রয়াস অব্যাহত ৰখাৰ লগতে এই ক্ষেত্ৰত অন্তৰায় সৃষ্টি কৰিব পৰা কাৰ্য্যপন্থাৰ পৰা বিৰত থাকিবলৈ সংশ্লিষ্ট সকলো পক্ষলৈ আহ্বান জনায়।
Assamese | December 30, 2025 8:06 PM | PM Modi talk about Russia President House attack
ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ বাসভৱনত ইউক্রেইনে আক্রমণ চলোৱাৰ উত্থাপিত অভিযোগ সন্দৰ্ভত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ উদ্বিগ্নতা প্রকাশ