ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী আন্দ্ৰেই বেলুছ’ভক ভাৰতৰ প্ৰতিৰক্ষা ৰাজ্য মন্ত্ৰী সঞ্জয় শেঠে আজি নতুন দিল্লীত আদৰণি জনায়। ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে নতুন দিল্লীস্থিত ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত পুষ্পাঞ্জলি অর্পণ কৰে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত প্ৰতিৰক্ষা মন্ত্রালয়ে কয় যে দুয়োখন দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী দুগৰাকীয়ে ২২ সংখ্যক ভাৰত ৰাছিয়া আন্তঃচৰকাৰী আয়োগৰ বৈঠকত সভাপতিত্ব কৰিব। প্ৰতিৰক্ষা মন্ত্ৰালয়ে এটা বিবৃতিত জনোৱা অনুসৰি বৈঠকৰ সময়ত দুয়োখন দেশৰ মাজত প্ৰতিৰক্ষাৰ ক্ষেত্ৰত দ্বিপাক্ষিক সম্পৰ্কৰ সমগ্ৰ পৰিসৰৰ পৰ্যালোচনা কৰা হ’ব। সমসাময়িক, আঞ্চলিক আৰু পাৰস্পৰিক স্বার্থজড়িত বিষয়সমূহৰ ওপৰতো মত-বিনিময় কৰা হ’ব।
Assamese | December 4, 2025 8:03 PM | Akashvani | Akashvani News | India Vs Russia | Indo-Russia
ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী আন্দ্ৰেই বেলুছ’ভক ভাৰতৰ প্ৰতিৰক্ষা ৰাজ্য মন্ত্ৰী সঞ্জয় শেঠৰ নতুন দিল্লীত আদৰণি