■ নতুন দিল্লীত অনুষ্ঠিত ত্রয়োবিংশ ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনত কালি কেন্দ্ৰীয় মীন, পশুপালন আৰু দুগ্ধ উৎপাদন মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে ৰাচিয়াৰ কৃষিমন্ত্ৰী অক্সনা লুটৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। এই বৈঠকৰ সময়ছোৱাত মন্ত্ৰীগৰাকীয়ে দুয়োদেশৰ মাজত মীন, পশুপালন আৰু দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত পাৰস্পৰিক বাণিজ্য সন্দৰ্ভত আলোচনা কৰাৰ লগতে উৎপাদিত সামগ্ৰীৰ বিক্ৰীৰ বাবে বজাৰ আদি ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰে। এই বৈঠকত গৱেষণা, শিক্ষা, প্রযুক্তি, গভীৰ সাগৰত মাছ ধৰা জাহাজ আদি সন্দৰ্ভতো আলোচনা অনুষ্ঠিত হয়। উল্লেখযোগ্য যে ভাৰতে ২০২৪-২৫ বর্ষত প্রায় ৭ বিলিয়ন ইউ এছ ডলাৰ মূল্যৰ মীন আৰু মৎস্যজাত সামগ্ৰী ৰপ্তানী কৰে।
Assamese | December 5, 2025 3:21 PM | Akashvani | Akashvani News | Indo-Russia | Modi Gifted to Putin | Putin India Visit
ৰাচিয়াৰ কৃষিমন্ত্ৰী অক্সনা লুটৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙৰ দ্বিপাক্ষিক বৈঠক