নতুন দিল্লীৰ কৰ্তব্যপথত এইবাৰ অনুষ্ঠিত হ’বলগীয়া ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ পেৰেডত প্ৰায় ১০ হাজাৰ বিশেষ অতিথিক আমন্ত্ৰণ জনোৱা হৈছে বুলি প্ৰতিৰক্ষা মন্ত্ৰালয়ে সদৰি কৰিছে। অতিথিসকলৰ ভিতৰত আয় আৰু কৰ্মসংস্থাপন সৃষ্টিৰ ক্ষেত্ৰত দৃষ্টান্তমূলক কাম কৰা, শ্রেষ্ঠ উদ্ভাৱক, ষ্টার্টআপ, আত্মসহায়ক গোট আৰু বিভিন্ন চৰকাৰী পদক্ষেপৰ অধীনত শ্রেষ্ঠত্ব প্ৰদৰ্শন কৰা ব্যক্তিসকল আছে। ৰাষ্ট্ৰ নিৰ্মাণ আৰু সাধাৰণ জনতাৰ বাবে বিভিন্ন উন্নয়নমূলক কাম কৰা ব্যক্তিসকলৰ অৱদানক সন্মান জনোৱাৰ উদ্দেশ্যে তেওঁলোকক বিশেষ অতিথি হিচাপে এই অনুষ্ঠানত আমন্ত্ৰণ জনোৱা হৈছে। বিশেষ অতিথিসকলৰ ভিতৰত বিশ্ব এথলেটিকছ পেৰা চেম্পিয়নশ্বিপৰ বিজয়ী, প্রধানমন্ত্রী স্মাইল আঁচনিৰ অধীনত পুনৰ সংস্থাপন লাভ কৰা তৃতীয় লিংগ আৰু মগনীয়া, প্ৰাকৃতিকভাৱে কৃষি কাৰ্য সম্পাদন কৰা খেতিয়কসকল অন্যতম।
Assamese | January 19, 2026 7:45 PM | 77th Republic Day | Akashvani | Akashvani News
৭৭ সংখ্যক গণৰাজ্য দিৱসৰ পেৰেডত প্ৰায় ১০ হাজাৰ বিশেষ অতিথিক আমন্ত্ৰণ জনোৱা হৈছে