কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে ৪ জুনত ষ্টক বজাৰ নিম্নগামী হোৱা ঘটনাৰ যুটীয়া সংসদীয় কমিটীৰ দ্বাৰা তদন্ত কৰাৰ বাবে দাবী উত্থাপন কৰিছে। নতুন দিল্লীত থকা দলৰ মুখ্য কাৰ্যালয়ত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীগান্ধীয়ে কয় যে, বজাৰ নিম্নগামী হোৱাৰ বাবে খুচুৰা বিনিয়োগকাৰীসকলৰ ৩০ লাখ কোটি টকা লোকচান হৈছে। কংগ্ৰেছ নেতাগৰাকীয়ে লগতে প্রধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে ষ্টক বজাৰত বিনিয়োগ কৰা ৫ কোটি পৰিয়ালক কিয় বিনিয়োগত বিশেষ পৰামৰ্শ আগবঢ়াইছিল বুলি জানিব খুজিছে। ইফালে, বিজেপিয়ে কংগ্ৰেছৰ দাবী খণ্ডন কৰিছে। নতুন দিল্লীত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত দলৰ নেতা পীয়ুষ গোৱেলে ৰাহুল গান্ধীয়ে বিনিয়োগকাৰীসকলক প্ৰৱঞ্চনা কৰাৰ চেষ্টা চলোৱা বুলি অভিযোগ তোলে। তেওঁ লগতে কয় যে, ৪ জুনত নিৰ্বাচনী ফলাফল ঘোষণা কৰাৰ দিনা বিদেশী বিনিয়োগকাৰীসকলেহে লোকচান ভৰিবলগীয়া হৈছে কিন্তু ভাৰতীয় বিনিয়োগকাৰীসকল লাভান্বিত হৈছে। বিজেপি নেতাগৰাকীয়ে কয় যে, ১০ বছৰ পূৰ্বে ইউ পি চৰকাৰ ক্ষমতাত থকাৰ সময়ত ভাৰতৰ বজাৰ মূলধন ৬৭ লাখ কোটি টকা আছিল আৰু সম্প্রতি এই পৰিমাণ ৪১৫ লাখ কোটি টকালৈ বৃদ্ধি পাইছে।
Assamese | June 7, 2024 11:21 AM | Rahul Gandhi Stock Market
৪ জুনত ষ্টক বজাৰ নিম্নগামী হোৱা ঘটনাৰ তদন্তৰ দাবী উত্থাপন কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ